তুমি শৰতৰ শুভ্ৰ শেৱালি
নিৰ্মালি বৰা হাজৰীকা
নগাঁও
নিয়ৰ সৰা পুৱতি নিশা
আলিংগন শেৱালিৰে।
শুভ্ৰতা সিঁচি
স্নিগ্ধতা বিলোৱা তুমি
শৰতৰ শেৱালি।
আমোল-মোল সুবাস
সুমথিৰা ৰঙি আবেলিটোেৱে
বাট চাই নিশালৈ
তোমাৰ পৰশত মগন হ’বলৈ।
অন্তঃসত্তা সেউজী পথাৰৰ
চিকুন চাৱনি
সৰিব মুকুতা মণি।
শেতা শেতেলিত
এহেজাৰ সপোনে কৰে
জোনাকৰে ধেমালি।
অস্থিৰ প্ৰাণত
শান্তিৰ নিজৰা বোৱাই
সেমেকা শীতৰ আগমনি।
দুবৰি দলিছাত
টোপ টোপ নিয়ৰৰ মধুৰ ঝংকাৰ
যেন দুভৰিৰ নুপুৰৰ ছন্দময় ধ্বনি।
তুমি শৰতৰ এপাহ শুভ্ৰ শেৱালি শ্মৃতিৰ
মণিকোঠাত অকাঁ ধুনীয়া এখন ছবি।।
মণিকোঠাত অকাঁ ধুনীয়া এখন ছবি।।