তুমি বিহীন সপোনৰ কবিতা – ৰামেশ্বৰ নাথ

তুমি বিহীন সপোনৰ কবিতা

ৰামেশ্বৰ নাথ, গহিয়া, বৰপেটা

হেজাৰ কোলাহলৰ পৰা আঁতৰি
মৌন হৈ কিমান দিন আৰু
নিজেই নিজৰ ওপৰত
প্ৰতিবাদ কৰিম ।
সপোন ভঙাৰ বেদনা জানো
কোনোৱে বুজে ।
সপোন বোৰ দেখোন বৰ আচৰিত
নভবাকৈয়ে আগত ধৰা দিয়ে
কিন্তু পূৰণ কৰিবলৈ কঠিন ।
এন্ধাৰৰ মাজতে ৰং চঙীয়া দেখি
দিনৰ পোহৰত হেনো
অস্তিত্ব হীন হৈ পৰে ।
লক্ষ্যহীন ভাবে জানো
বাস্তৱত সপোন দেখিব পায় ?
নাজানো কেনেকৈ নো
তোমাৰ বাবে লিখিম কবিতা ।
তুমি বিহীন ভাৱনাৰে জানো
সপোন দেখিব পাৰিম ।
আজি কালি দেখোন তোমাৰ ভাৱনাই
মোক আমনি নকৰা হল ।
সেয়ে তোমাৰ বাবে কবিতা
লিখিম বুলি ভাবি থাকোতেই
দেখোন বয়সে ভটিয়ালে ।
সময়ৰ অপব্যৱহাৰে জীৱনটোৱে
দেখোন নষ্টালজিক হৈ ৰ’ল ।