তুমি নাৰী- ৰূপালী মহন্ত

Pc the guardian

তুমি নাৰী

তুমি অনন্যা মহামায়া
গজগামিনী মনোহাৰিণী মহাসতী
ঘাত- প্ৰতিঘাটৰ যন্ত্ৰণা ত্যাগৰ সাক্ষী
তুমি নাৰী।
তুমি কাৰোবাৰ আই মাতৃ
কাৰোবাৰ পত্নী কাৰোবাৰ ভগ্নী
কাৰোবাৰ সুযোগ্যা কন্যা
সকলোতে লাগে তোমাৰ আদৰ্শৰ চিনাকি।
সমাজত তোমাৰ খোজত পদুম ফুলা
আকাশত তৰাৰ জিলিকা জিলিক সপোন দেখালৈকে
তোমাৰ অবিৰাম যাত্ৰা
আত্মত্যাগী আত্মাভিমান আত্মোৎসৰ্গ
মৰ্যাদাৰ প্ৰতীক তুমি।
শোষণ ধৰ্ষণ নিষ্পেষণৰ বলি হৈ
সহিব লাগিব বিষাদৰ চকুলো
কাৰণ তুমিযে নাৰী
হৃদয়ত লৈ ফুৰা দুখৰ তপ্ত চকুপানী
যন্ত্ৰণাই থকা সৰকা কৰা
তুমি স্থিতপ্ৰজ্ঞ মহা নাৰী।
প্ৰেমৰে সজোৱা তোমাৰ ঘৰখন স্বামী সন্তান
আপোন জনক শান্তিত ৰখা তুমি শান্তিময়ী
তুমি নৈ হৈ বোৱা
ফুল হৈ ফুলা
জ্বলন্ত অগ্নি হৈ অগ্নিৰূপা হোৱা কেতিয়াবা
সৰ্বাংগিনী তুমি
আবেগৰ মায়াৰে নকৰিবা ভুল
হাঁহিৰে সামৰি লোৱা জীৱনৰ ফুল
তুমি নহয় শক্তিহীনা
তুমি পোহৰ বিলোৱা স্বতন্ত্ৰ প্ৰহৰী
মমতাময়ী তুমি নাৰী।।

ৰূপালী মহন্ত
গোলাঘাট