তুমিহীন জীৱন – বদিউজ জামান বৰবৰা

তুমিহীন জীৱন

বদিউজ জামান বৰবৰা
চেঙেলী চেতিয়া গাঁও , যোৰহাট

কেনে আছা তুমি?
ভালনে তোমাৰ?
সোঁহাতত এটা মদিৰাৰ পিয়লা
বাঁও হাতৰ আঙুলিৰ ফাঁকত
এটি জ্বলন্ত চাৰমিনাৰ লৈ
এয়া এটা বন্ধ কুঠৰীত বহি
এঢোক এঢোককৈ গিলি পেলাইছো
পিয়লাত জিলিকি থকা তোমাৰ মুখখন
চাৰমিনাৰৰ ধোঁৱাৰ সতে বিলীন কৰিছো
তোমাৰ শৰীৰৰ সুগন্ধ।
দূৰৈৰ পৰা ভাহি আহিছে
মোৰ নিচিনা সুৰাপায়ীৰ
এক বেসুৰা গীত
তাৰ মাজত হেৰাই গৈছে
মোৰ কাণত বাজি থকা
তোমাৰ মৌ সনা মাত
এনেকৈয়ে মই হৈ পৰিছো তুমিহীন
উপভোগ কৰিছো তুমিহীন জীৱন।