তুমিহীনা আকৌ এটি নৱবৰ্ষ
কাজি শ্বাহাদত ইছলাম ,জনিয়া, বৰপেটা
কোনে কৈছে দিনবোৰ উকা তুমিহীনা
তুমিহীনা স্তব্ধ সময়?
অনায়েসে মাহবোৰ তৰিছোঁ অকলে
পদতলিত হেজাৰ পৰাজয়।
এতিয়াচোন বন্ধকত নাই মোৰ হৃদয়
আৱদ্ধও নাই উশাহবোৰ,
নৱবৰ্ষবোৰে সেউজ শশী হৈ
বিপন্নতাৰ পেলায় ওৰ।
তোমাৰ বুকুৰ মাজত ধৰাধাম খুজি খুজি
ক্লান্ত দিনবোৰৰ অৱসান,
সপ্তৰঙী সপোন বাস্তৱ আজি মোৰ
সৰ্ব অৱসাদ পৰিত্ৰাণ।
কোনে ক’লে তুমিহীনা তপ্ত চকুলো
দুচকুত অবিৰত বয়?
বুকুত দেখোন আজি আপাৰ উচাহ মোৰ
আকাশেও মোৰ কথা কয় ।