তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ কৰ্মচাৰী অমৃত মিলিৰ আকস্মিক দেহাৱসান

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ কৰ্মচাৰী অমৃত মিলিৰ আকস্মিক দেহাৱসান

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  আজি ইং ১১/০৩/২০২৪ তাৰিখ সোমবাৰে পুৱা তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী অমৃত মিলিৰ আকস্মিক দেহাৱসান ঘটে। প্রয়াত মিলি সঞ্চালকালয়ৰ এগৰাকী সৎ আৰু নিষ্ঠাবান কৰ্মচাৰী আছিল। তেখেতৰ অকাল বিয়োগত তথ্য আৰু জনসংযোগ পৰিয়ালে সঞ্চালক মানবেন্দ্র দেৱ ৰায়ৰ সভাপতিত্বত আজি জনসংযোগৰ সভাগৃহত এখন শোক সভা অনুষ্ঠিত কৰে। সভাত সঞ্চালকালয়ৰ সমূহ বিষয়া-কৰ্মচাৰীয়ে তেখেতৰ দায়িত্বশীলতা, নিয়মানুবর্তিতা তথা শান্ত-সমাহিত গুণৰাজিৰ বিষয়ে আন্তৰিকতাৰে স্মৰণ কৰে। সভাত কৰ্মচাৰী গৰাকীৰ মৃত্যুত জনসংযোগ পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ আত্মাৰ শান্তিৰ বাবে ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।