তই পাৰিবিনে
লোহিত মানিকীয়াল
ডিব্ৰুগড়
তই পাৰিবিনে দুপৰৰ নিস্তব্ধতাত অহা পুৰাতন সুৰবোৰক
তোৰ ভালপোৱাৰে মন গহনৰ পৰা আঁতৰাই
আলফুলে সাবটিব বুকুৰ মাজত।
ৰ’দ হৈ পাৰিবিনে ৰ’দাব
ছলনাৰ মায়াজালত পৰি শ্বাসৰুদ্ধ জীৱন কটাই
বিষণ্ণ বৰষাত তিতি জুৰুলি জুপুৰি হোৱা মনক।
পাৰিবিনে বাৰু লঠঙা হৃদয়ত
এমুঠি সেউজীয়া হ’বলৈ
ঠন ধৰি উঠাকৈ এপাহি নতুন আশাফুল।
নীৰলে শুই পৰা সপোনবোৰক
পাৰিবিনে বাৰু তই
তোৰ ভালপোৱাই সাৰ পোৱাবলৈ।
বাট হেৰুৱাই পেলোৱা
তমসাই আৱৰা জীৱনক
তই আগুৱাই নিব পাৰিবিনে এটি জোনাকী বাটেৰে।