ঢকুৱাখনাত উদ্ধাৰ হোৱা মুণ্ডহীন মৃতদেহটো জাহাংগীৰৰহে
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত ফাদিল হ’ল ঢকুৱাখনাৰ মুণ্ডহীন মৃতদেহৰ ৰহস্য। ডি এন এ পৰীক্ষাৰ অন্তত মুণ্ডহীন মৃতদেহটো সুনীল গগৈৰ নহয় বুলি প্ৰমাণিত হ’ল । মৃতদেহটো প্ৰকৃততে আছিল জাহাংগীৰ হুছেইনৰহে।জাহাংগীৰৰ ভাতৃৰ সৈতে মিলিছে মৃতদেহৰ ডি এন এ নমুনা।লখিমপুৰ জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে এক সংবাদমেলত কয়, ‘‘হত্যাকাণ্ডৰ পিচত ঘটনাস্থলীৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰাৰ লগতে মৃতদেহৰ হাড়ৰ শতাধিক টুকুৰা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল । সুনীল গগৈৰ দুই আত্মীয়ৰ লগতে জাহাংগীৰৰ ভাতৃ জহিদুৰ ৰহমানৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে হায়দৰাবাদলৈ প্ৰেৰণ কৰা হৈছিল । উক্ত ডি এন এ পৰীক্ষাৰ ফলাফলত মৃতদেহৰ লগত জাহাংগীৰৰ ভাতৃৰ তেজৰ নমুনা মিল আছে বুলি প্ৰকাশ পায় ।’’ আৰক্ষী অধীক্ষকগৰাকীয়ে মৃতদেহটো জাহাংগীৰৰ বুলি উল্লেখ কৰে ৷ তেওঁ কয় যে ২৯ মে’ত সুনীল গগৈয়ে জাহাংগীৰক লৈ ধেমাজিলৈ গৈছিল । কিন্তু আদবাটতে সুনীলে জাহাংগীৰক নমাই দিয়ে । আৰক্ষীৰ অনুসন্ধান মতে তাৰ পিচদিনা অৰ্থাৎ ৩০ মে’ত জাহাংগীৰ সুনীল গগৈৰ ঘৰৰ আশে-পাশে আছিল । সেই দিনাৰ পৰা জাহাংগীৰ নিখোজ হৈ পৰে । ১ জুনৰ পৰা পলাতক হৈ আছে সুনীল গগৈ। সুনীল গগৈয়ে মৃত্যুৰ নাটকহে কৰিছে বুলি জনালে লখিমপুৰৰ আৰক্ষীৰ অধীক্ষক অপৰ্ণা নটৰাজন। ঘটনাৰ ক্ৰম উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে এপ্ৰিল-মে’ মাহৰ ভিতৰত সুনীল গগৈয়ে ৪১ লাখ টকাৰ জীৱন বীমা কৰিছিল । পলিচীৰ নমিনী আছিল তেওঁৰ পত্নী । উক্ত বীমা ধনৰ লোভতো এনেধৰণৰ ঘটনা সংঘটিত হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰে । সুনীল গগৈয়ে এখন নাটক ৰচনা কৰিলে বুলি কয় আৰক্ষী অধীক্ষকগৰাকীয়ে । বীমা ধনৰ লোভতে এই কাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰে আৰক্ষীয়ে । এতিয়া এই মৃতদেহ জাহাংগীৰ হুছেইনৰ বুলি চিনাক্ত হোৱাত আৰক্ষীয়ে সুনীল গগৈক ১ জুনৰ নিশা ৮ বজাৰ পৰা পলাতক ঘোষণা কৰিছে । আনহাতে সুনীল গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে নিজাববীয়া গোচৰ।