ড° ভি নাৰায়ণন ইছৰোৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি  

ড° ভি নাৰায়ণন ইছৰোৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি  

ৰঙিলী বাৰ্ত্তাসেৱা- ৰকেট বিজ্ঞানী ড° ভি নাৰায়ণনক ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰোৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । কেন্দ্ৰীয় চৰকাৰে বিদায়ী অধ্যক্ষ ড° এছ সোমনাথৰ স্থানত বিজ্ঞানী ড° ভি নাৰায়ণনক ইছৰোৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে।মহাকাশত মহাশক্তি হোৱাৰ লক্ষ্যৰে কেইবাটাও ধ্বজাবাহী অভিযানৰ প্ৰস্তুতি চলাই থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ইছৰোৰ দায়িত্ব অর্পণ কৰিছে ৰকেট বিজ্ঞানী ড° নাৰায়ণনক। ১৯৮৪ চনৰ ১ ফেব্ৰুৱাৰীত ইছৰোত কর্মজীৱন আৰম্ভ কৰা ৫৪ বছৰীয়া বিজ্ঞানী ড° নাৰায়ণন কন্যাকুমাৰী জিলাৰ এখন সৰু গাঁও মেলাকাট্রভিলাইত জন্মগ্রহণ কৰে। কৃষক পিতৃ আৰু গৃহিণী মাতৃৰ সন্তান ভি নাৰায়ণনে তামিল মাধ্যমৰ বিদ্যালয়ত শিক্ষাগ্রহণ আৰম্ভ কৰে আৰু গাঁৱলীয়া পৰিৱেশত গাঁৱত ডাঙৰ-দীঘল হয়।  বিভিন্ন ঘাত-প্রতিঘাতৰ মাজেৰে শৈক্ষিক জীৱন আগবঢ়াই নিয়া নাৰায়ণনে দশম শ্ৰেণীৰ পৰীক্ষাত শীর্ষস্থান লাভ কৰে। ১৯৮৯ চনত আইআইটি খড়গপুৰৰ পৰা প্ৰথম স্থান লাভ কৰি ক্ৰায়’জেনিক ইঞ্জিনীয়াৰিঙত এমটেক ডিগ্রী লাভ কৰা নাৰায়ণনে ২০০১ চনত এৰ’স্পেচ ইঞ্জিনীয়াৰিঙত পিএইচডি ডিগ্রী লাভ কৰে। ৰকেট বিশেষজ্ঞ প্রধানতঃ ক্রায়’জেনিক প্রযুক্তিৰ বিশেষজ্ঞ ড° নাৰায়ণনে ইছৰোৰ কেইবাটাও অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে। চন্দ্ৰযান-১, ২ আৰু ৩ৰ লগতে মঙলযান আৰু সূর্য অভিযানত আদিত্য এল-১৩ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ড° নাৰায়ণনে শৈক্ষিক জীৱনত কেইবাটাও বঁটা লাভ কৰাৰ লগতে কর্মজীৱনতো অনেক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ড° নাৰায়ণনে মহাকাশ বিজ্ঞান সম্বন্ধীয় ১২ হাজাৰ প্ৰতিবেদন, ৫০ জার্নেল আৰু অভিৱৰ্তনৰ পত্ৰ ৰচনাৰ সৈতে জড়িত। তদুপৰি বিজ্ঞান সম্পৰ্কীয় গ্ৰন্থৰো ৰচয়িতা ড° নাৰায়ণন। চেন্নাইৰ সত্যভামা বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট অৱ ছায়েঞ্চেৰে বিভূষিত ড° নাৰায়ণন। ইণ্টাৰনেচনেল এৰ’ন’টিকেল ফেডাৰেচন স্পেচ প্রপালচন কমিটীৰ সদস্য হোৱাৰ উপৰি বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মহাকাশ আৰু অভিযান্ত্রিক সংস্থাৰ গুৰুত্বপূৰ্ণ সদস্য হিচাপে কার্যনির্বাহ কৰিছে।