ড° গোবিন্দ চন্দ্ৰ ডেকাৰ জীৱন- কৃতি বিষয়ক বক্তৃতানুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষাৰ উত্তৰণৰ বাবে গঠিত ন্যাস পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ পোহৰ বিদ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ লগত সংগতি ৰাখি অসমত নিউক্লীয় পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ বাটকটীয়া দদৰা সু- সন্তান প্ৰয়াত বিজ্ঞানী ড°গোবিন্দ চন্দ্ৰ ডেকাৰ জীৱন আৰু কৃতি বিষয়ক এটি বিশেষ বক্তৃতা প্ৰদান কৰা হয়। শংকৰদেৱ শিশু বিদ্যা নিকেতন ,দদৰাত আয়োজিত অনুষ্ঠানত প্ৰাক্তন অধ্যক্ষ পৰেশ বৈশ্যৰ দ্বাৰা ৰচিত ড°গোবিন্দ চন্দ্ৰ ডেকাৰ জীৱনী গ্ৰন্থ এখনো ছাত্ৰীসকলৰ হতুৱাই উন্মোচন কৰা হয়। অনুষ্ঠানত উক্ত বিদ্যালয়খনক পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ ” পোহৰ বিদ্যালয়” হিচাপে স্বীকৃতি পত্ৰ দিয়া হয়। অনুষ্ঠানত কেৰিয়াৰ গাইডেঞ্চৰ বিষয়ক আলোচনাও ছাত্ৰ- ছাত্ৰীৰ সকলৰ বাবে কৰা হয়।