ডিব্ৰুগড় জিলাৰ পৰা সহস্ৰাধিক বিহুৱা-বিহুৱাতী অংশগ্ৰহণ

ডিব্ৰুগড় জিলাৰ পৰা সহস্ৰাধিক বিহুৱা-বিহুৱাতী অংশগ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ১৪ এপ্ৰিল তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১০,০০০ৰো অধিক বিহুৱা-বিহুৱতীয়ে একেলগে বিহুনৃত্য পৰিৱেশন কৰিব। বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত ডিব্ৰুগড় জিলাৰপৰাও সহস্ৰাধিক বিহুৱা-বিহুৱতীয়ে অংশগ্ৰহণ কৰিব। ডিব্ৰুগড়ৰ জালান ষ্টেডিয়ামত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপস্থিত হৈ জিলাখনৰ ১,৪৭০ গৰাকী বিহুৱা-বিহুৱতীৰদ্বাৰা পৰিৱেশিত বিহুনৃত্যৰ চূড়ান্ত আখৰা উপভোগ কৰি আপ্লুত হয়। বিহুক বিশ্বমুখী কৰাৰ দিশত অসম চৰকাৰৰ এই অভিনৱ প্ৰচেষ্টাৰ শলাগ লয় সোণোৱালে আৰু বিহুৱা-বিহুৱতীসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।এই আখৰা অনুষ্ঠানত লগতে উপস্থিত আছিল অসম চৰকাৰৰ মন্ত্ৰীদ্বয় বিমল বড়া আৰু ৰণজিৎ কুমাৰ দাস, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, বিধায়ক তেৰছ গোৱালা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল।