ডিব্ৰুগডৰ বৈৰাগীমঠ ন- মছজিদত ইফটাৰ পাৰ্টী
এম হাছিম আলী , ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বৈৰাগীমঠত থকা ন- মছজিদ প্ৰাংগণত যোৱা২৩-৩-২৪ তাৰিখে মছজিদ জামাতৰ সদস্যৰ লগতে অঞ্চলটোৰ অনেক গণ্যমান্য লোকে ইফটাৰ পাৰ্টীত অংশগ্ৰহণ কৰে। মছজিদ কমিটিৰ সভাপতি আলহজ্ব নাচিমুল গণি আৰু সম্পাদক আলহজ্ব নাছিমুৰ ৰহমানে জানিবলৈ দিয়ে যে প্ৰতিবছৰৰ দৰে এইবাৰো ৰোজাব্ৰত পালন কৰা ব্যক্তি সকল আহি সন্ধিয়া সমবেত হৈ ইফটাৰ বা ৰোজা ভংগ কৰে আৰু সকলোৰে মংগল কামনা কৰি বিশ্ব শান্তিৰ বাবে দোৱা-প্ৰাৰ্থনা কৰে। ৰমজান মাহৰ ৩০টা ৰোজাৰ ইতিমধ্যে ১৫ ৰমজানত উপনীত হৈছে। এই মাহৰ ২৭ ৰমজানত ‘লায়লাতুল কদৰ’ বা ‘শ্ৰেষ্ঠ ৰজনী’ পালন কৰিব আৰু ইয়াৰ তিনি দিনমান পিছতে ইছলামধৰ্মী লোক সকলে পালন কৰিব তেওঁলোকৰ পৱিত্ৰ উৎসৱ ” ঈদ উল ফিটৰ”।