ডিব্ৰুগড় সাহিত্য সভা আৰু কানৈ মহাবিদ্যালয়ৰ যৌথ উদ্যোগত দুখনকৈ গ্ৰন্থ উন্মোচন-সাম্প্ৰতিক সময়ৰ কাব্য-চৰ্চা: এক অৱলোকন বিষয়বস্তুৰ সন্দৰ্ভত বক্তৃতানুষ্ঠান
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- মানুহৰ হৃদয়ত আৱিস্কাৰ নোহোৱাকৈ থকা এখন জগতৰ স’তে গ্রন্থই সেতুবন্ধন কৰে। ঐতিহ্যমণ্ডিত ডিব্রুগড় সাহিত্য সভা আৰু হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত অনুষ্ঠিত গ্রন্থ উন্মোচনী অনুষ্ঠানত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ডিব্রুগড় সাহিত্য সভাৰ সভাপতি ড০ শশীকান্ত শইকীয়াই অনুপম মহন্ত দ্বাৰা ৰচিত ষষ্ঠখন কাব্যগ্ৰন্থ “অনুভৱ” উন্মোচন কৰি এইদৰে কয়। বিশিষ্ট কবি তথা ৰে’লৱে বিষয়া অনুপম মহন্তৰ কাব্যগ্রন্থ ‘অনুভৱ’ উন্মোচন কৰি অধ্যক্ষ ড° শইকীয়াই লগতে কয়- জন্মৰ পৰা মৃত্যুলৈকে মানুহৰ বিভিন্ন অনুভৱ থাকে, সেই অনুভৱবোৰ লিপিবন্ধ কৰি ৰাখিলে মানুহে নিজৰ জীৱনটোক বুজি পোৱা আৰু জনাত সহজ হয়। পুথিভঁৰালক প্ৰাচুৰ্যৰ ভঁৰাল বুলি উল্লেখ কৰি তেওঁ কয়-যিসকলৰ গ্ৰন্থৰ প্ৰতি আগ্ৰহ নাই, সেইসকলৰ জীৱনটো তেনেই খন্তেকীয়া আৰু গ্ৰন্থৰ প্রতি আগ্ৰহীসকলৰ জীৱনটো বহু দীঘলীয়া হয়। ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল গোহাঁয়ে উদ্দেশ্য ব্যাখ্যা কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত অনুপম মহন্তৰ ‘অনুভৱ’ কাব্যগ্ৰন্থখনৰ বহু সুন্দৰ কথাৰ বিশ্লেষণ আগবঢ়াই তেওঁ কয়- পৃথিৱীৰ সুন্দৰ আৰু শ্রেষ্ঠ বস্তুবোৰ চাব বা স্পৰ্শ কৰিব নোৱাৰি, কেৱল হৃদয়েৰেহে অনুভৱ কৰিব পাৰি। তেওঁ কয়- মানুহৰ অনুভৱ যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে পৃথিৱীত কবিতা জীয়াই থাকিব। বিশিষ্ট সাংবাদিক, লেখক যাদৱ গগৈয়ে উদ্বোধন কৰা গ্রন্থ উন্মোচনী অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা ‘সাম্প্রতিক সময়ৰ কাব্য চর্চা: এক অৱলোকন’ শীর্ষক বিষয়ত বক্তৃতা প্রদান কৰি কানৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড০ মৃদুল শর্মাই কয়- কবিতাই সময়ে সময়ে নিজৰ ৰূপ সলনি কৰি গৈ আছে। কবিতাৰ ৰূপ সলনি হৈছে যদিও আজিৰ যুগৰ কবিতাত ৰামধেনু যুগৰ কবিতাৰ বিস্তাৰ প্ৰচলিত হৈ আছে বুলি মন্তব্য প্রকাশ কৰি কবিতা আৰু সাহিত্যৰ বহু সুন্দৰ বিশ্লেষণ আগবঢ়ায়। অনুষ্ঠানত বিশিষ্ট গল্পকাৰ তথা ৰে’লৱে বিষয়া গীতি শৰ্মাৰ ‘হৃদয়ৰ স্পন্দন’ শীর্ষক গল্প সংকলনখন উন্মোচন কৰি শ্ৰীশ্রী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক,সাংবাদিক ভূষণজ্যোতি সন্দিকৈয়ে কয়- গল্পকাৰে সমাজত দৈনন্দিন ঘটি থকা ঘটনাসমূহ খুব সুন্দৰ তথা সহজ- সবলভাবে তেওঁৰ গল্পত লিপিবদ্ধ কৰিবলৈ চেষ্টা কৰিছে। অনুষ্ঠানত মাধুৰীমা মহন্ত দত্তই ড° চুমী ফুকন সহ সংগীবৃন্দৰ সৈতে পৰিৱেশন কৰা বৰগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত বন্তি প্রজ্বলন কৰে বিশিষ্ট সাহিত্যিক, সমালোচক গন্ধেশ্বৰ শইকীয়াই। অনুষ্ঠানটিত বিশিষ্ট কবি বিজু শর্মা, দিখৌমুখ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তথা চলচিত্র সমালোচক ড° প্রাঞ্জল বৰাই সাৱলীল বক্তৃতা প্রদান কৰে। অনুষ্ঠানটিত অনুপম মহন্তৰ মাতৃ, পত্নী, দুই কন্যাকে ধৰি ডিব্ৰুগড় সাহিত্য সভাৰ সাংগঠনিক সম্পাদক মীনাক্ষী দাস বৰুৱা, ৰামধেনু উপ-সমিতিৰ আহ্বায়িকা তথা উপন্যাসিকা অৰ্পণা ফুকন দাস, আকাশ উপ-সমিতিৰ আহ্বায়িকা ভাৰতী বৰুৱা দুৱৰা, কাৰ্যনিৰ্বাহক সদস্যা বিতুমণি ফুকন,দীপিকা গগৈ, সাংবাদিক মুক্তামণি হাজৰিকা, বিশিষ্ট নাৰীবাদী নেত্ৰী অৰ্পণা বড়া,কবি মৌচুমী গগৈ গোহাঁইকে প্ৰমুখ্যে কৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তি আৰু কানৈ মহাবিদ্যালয়ৰ বহুসংখ্যক ছাত্র-ছাত্রী উপস্থিত থাকে। শেষত শলাগ জ্ঞাপন কৰে কবি অনুপম মহন্তই।