ডিব্ৰুগড় সাহিত্য সভাৰ ভৱনত “উজনি অসম বধিৰ” সন্থাৰ সমিতি গঠন

ডিব্ৰুগড় সাহিত্য সভাৰ ভৱনত “উজনি অসম বধিৰ” সন্থাৰ সমিতি গঠন
এম হাছিম  আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় সাহিত্য সভাৰ ভৱনত “বধিৰ” সন্থা সমিতিয়ে উজনি অসমৰ সকলো যুৱক যুৱতীক একত্ৰিত কৰি আলোচনাৰ ভিত্তিত এখন “উজনি অসম বধিৰ সন্থা সমিতি” গঠন কৰে।  ডিব্ৰুগড় সাহিত্য সভা ভৱনত উজনি অসম বধিৰ সন্থাৰ সমিতি গঠন কৰি আৰু অসম চৰকাৰক আহ্বান জনাই বধিৰ সন্থাই কয় যে ছাত্ৰ ছাত্ৰীৰ সমস্যা সমুহৰ কিছু নিৰাময় কৰি দিলে এইসকলে জীৱনৰ বাট বুলিবলৈ কিছু পৰিমাণ সহজ হব। ডিব্ৰুগড় জিলাত এখন “বধিৰ” বিদ্যালয়ৰ ব্যৱস্থা কৰি দিলে “বধিৰ” যুৱক যুৱতীয়ে শিক্ষাৰ ক্ষেত্ৰত মৌলিক অধিকাৰ’ৰ পৰা বঞ্চিত নহয়।যিহেতু “বধিৰ” বিদ্যালয় বা মহাবিদ্যালয় গুৱাহাটীত আছে।উজনি অসমৰ বহু ছাত্ৰ ছাত্ৰী বা দৰিদ্ৰ পৰিয়ালে দূৰলৈ গৈ ঘৰৰ  ইমানবোৰ খৰচ বহন কৰিব নোৱাৰাৰ ফলত শিক্ষাৰ পৰা বঞ্চিত হোৱা দেখা পোৱা গৈছে।ডিব্ৰুগড় সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা নৱনিৰ্মিত “উজনি অসম বধিৰ সন্থা”ৰ ডিব্ৰুগড় জিলাত “বধিৰ” সকলৰ বাবে বিদ্যালয় এখন স্থাপন কৰি দিবলৈ চৰকাৰলৈ অনুৰোধ জনায়।