ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ ছাত্র-ছাত্রীসকল সমস্যৰে জৰ্জৰিতহৈ প্ৰতিবাদ ছাত্ৰ ফেডাৰেচনৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ ছাত্র-ছাত্রীসকল সমস্যৰে জৰ্জৰিতহৈ প্ৰতিবাদ ছাত্ৰ ফেডাৰেচনৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এনেকুৱা এটা পৰিস্থিতি হৈছে যে বর্তমান চেমিষ্টাৰৰ ৪ বছৰীয়া ডিগ্রী পাঠ্যক্রম পালেহি কিন্তু ছাত্র ছাত্রীৰ বাবে যেন বাধাবোৰ দিনক দিনে বৃদ্ধি পাইছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তর্গত বহুকেইখন শিক্ষানুষ্ঠানত পুথিভঁৰাল, পৰীক্ষাগাৰ, পৰিষ্কাৰ শৌচালয়, আধুনিক শ্রেণীকোঠাৰ অভাৱকে ধৰি আন্তঃগাঁথনিৰ সমস্যাৰে জৰ্জৰিত । ক্রেডিট Transfer, Major-Minor, Multiple Entry-Exit ৰ নিচিনা বহু নতুন কথা সংযোজন হ’ল, কিন্তু আজিও বুনিয়াদী কিছুমান কথাক লৈ বাৰম্বাৰ কৈ থাকিবলগীয়া হৈছে। আচলতে চাৰিবছৰীয়া পাঠ্যক্রম/ CBCS/ চেমিষ্টাৰ চলাই লৈ যাব পৰাকৈ উপযুক্ত পৰিমাণৰ শিক্ষক আৰু আন্তঃগার্থনিৰ অভাৱ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিয়ম অনুসৰি কোনোবা ছাত্ৰ পৰীক্ষাত অৱতীর্ণ হ’ব নোৱাৰিলে তেওঁ carry over course হিচাপে পৰৱৰ্তী পৰীক্ষাৰ লগত একেলগে অৱতীর্ণ হ’ব লাগিব। এই নিয়ম ছাত্ৰ ছাত্ৰীৰ বাবে একেবাৰেই সুবিধাজনক নহয়। পৰীক্ষাত বেক লগাৰ এবছৰৰ পিছত সেই পৰীক্ষা অনুষ্ঠিত কৰাৰ কোনো যুক্তি থাকিব নোৱাৰে। দ্বিতীয় বিষয়টো হৈছে পৰীক্ষাসমূহৰ প্ৰ-পত্ৰ পূৰণৰ বাবে বহুত কম সময়সীমা দিয়া হয়, যাৰ ফলত বহু ছাত্ৰ ছাত্রী নির্ধাৰিত মাচুল সময়মতে দিব নোৱাৰে। চাৰিবছৰীয়া পাঠ্যক্ৰমত ছাত্র-ছাত্রীৰ ৭৫ শতাংশ উপস্থিতি (Attendance) বাধ্যতামূলক কৰা হৈছে আৰু বিনামুলীয়া নামভৰ্ত্তিৰ ক্ষেত্রত ইয়াক এক চর্ত হিচাপে জাপি দিয়া হৈছে। বিনামুলীয়া নামভৰ্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ চৰ্ত জাপি দিয়াটো উচিত নহয়। অর্থনৈতিকভাবে দুর্বল পৰিয়ালৰ বহু ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান সময়ত কাম কৰি অধ্যয়ন কৰি আছে। এনে বাস্তৱতাৰ প্ৰতি লক্ষ্য ৰাখিহে নীতি প্রণয়ন কৰা উচিত। বিশ্ববিদ্যালয়ৰ নামভর্তি/ ফলাফল সম্পর্কীয় বহু কথাই ছাত্ৰ ছাত্ৰীৰ জানিবলগীয়া থাকে। এনেবোৰ কথা জনাৰ বাবে বহু দূৰৰ পৰা এজন ছাত্রই সদায় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কেম্পাছলৈ আহি থকাটো সম্ভৱ নহয়। যাৰ বাবে এটা টোল ফ্রি নম্বৰ থকা প্রয়োজন। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি প্ৰত্যেকখন শিক্ষানুষ্ঠানত GSCASH থকাটো বাধ্যতামূলক।এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ ছাত্র ফেডাৰেচন, অসম ৰাজ্যিক কমিটিয়ে এই দাবী সমূহ উত্থাপন কৰিছে- (১)৪৫ দিনৰ ভিতৰত backlog ৰ পৰীক্ষা অনুষ্ঠিত কৰা। (২)প্রত্যেক শিক্ষা অনুষ্ঠানত GSCASH কমিটি গঠন কৰা। (৩) ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শিক্ষা অনুষ্ঠানসমূত পর্যাপ্ত আন্তঃগাঁথনি নির্মাণ কৰা।(৪) UGC ৰ নিয়মাৱলী অনুসৰি ১:৩০ ছাত্র-শিক্ষক অনুপাতে শিক্ষক নিযুক্তি দিয়া (৫)পৰীক্ষাসমূহৰ প্ৰ- পত্ৰ পূৰণৰ সময়সীমা নুন্যতম ১৫ দিন নির্ধাৰণ কৰা। (৬)৭৫% উপস্থিতি নথকা আৰু Back থকা শিক্ষার্থীৰ পৰা মাছুল লোৱাৰ পৰিৱৰ্তে সম্পূর্ণ বিনামূলীয়া নামভর্তি প্রদান কৰা। (৭)শিক্ষার্থীৰ সুবিধার্থে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এটি কার্যক্ষম টোল ফ্ৰি নম্বৰ দিয়াৰ ব্যৱস্থা কৰা।এই সম্পৰ্কত বিভাগীয় কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ছাত্ৰ ছাত্ৰী সকলে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।