ডিব্ৰুগড় বিজ্ঞান সমিতিৰ স্মৃতিচাৰণ আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

ডিব্ৰুগড় বিজ্ঞান সমিতিৰ স্মৃতিচাৰণ আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন: দুগৰাকী বিশিষ্ট বিজ্ঞানীৰ শতবৰ্ষ উদযাপন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিজ্ঞান সমিতি , ডিব্ৰুগড় শাখাৰ উদ্যোগত আৰু কানৈ মহাবিদ্যালয়ৰ সহযোগত ২০ অক্টোবৰত ডিব্রুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত এখনি স্মৃতিচাৰণ আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । ডিব্ৰুগড় বিজ্ঞান সমিতিৰ সভাপতি ড০ ভাৰতী দত্তৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক নাছিৰ চুলতানে। অসমৰ দুগৰাকী বিশিষ্ট বিজ্ঞানী ড০ জ্যোতি প্ৰসাদ মেধি আৰু ডাঃ বংশীধৰ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট চিকিৎসা বিজ্ঞানী ডাঃ ফাৰুক আহমেদৰ সম্বৰ্ধনা অনুষ্ঠান উদযাপনৰ তাৎপৰ্য ব্যাখ্যা কৰে। তিনিও গৰাকী বিজ্ঞানীয়ে শৈক্ষিক দিশত যথেষ্ট অৱদান আগবঢ়াইছে। ড০ মেধি আৰু ডাঃ বৰুৱাৰ প্ৰতিচ্ছবিৰ সমুখত মুখ্য প্ৰজ্বলক হিচাপে বন্তি প্ৰজ্বলন কৰে ড০ পৰমানন্দ মহন্তই। ড০ জ্যোতি মেধিৰ জীৱন তথা শৈক্ষিক অৱদান সম্পৰ্কত তথ্যবহুল বক্তৃতা প্ৰদান কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিসংখ্যাবিজ্ঞান বিভাগৰ অৱসৰী প্ৰাধ্যাপক ড০ কমলেশ্বৰ দত্তই কয় যে স্নাতক আৰু স্নাতকোত্তৰ দুয়োটা পৰীক্ষাতে সোণৰ পদক লাভ কৰা এইগৰাকী বিজ্ঞানীৰ গ্ৰন্থ আমেৰিকা ,ইংলেণ্ড আদি দেশৰো কলেজ ,বিশ্ববিদ্যালয়ত টেক্সবুক হিচাপে প্ৰচলন হোৱাটো গৌৰৱৰ কথা। তেখেতে আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীৰ সন্মান লাভ কৰাটো অসমবাসীৰ বাবে গৌৰৱৰ বিষয় বুলিও উল্লেখ কৰে। পৰিসংখ্যাবিদ গৰাকীৰ ভাতৃ ডাঃ ৰমা প্ৰসাদ মেধিয়ে জ্যেষ্ঠ ভাতৃৰ স্মৃতিত চমু বক্তৃতা আগবঢ়ায়। মুখ্য অতিথিৰ ভাষণত উপাচাৰ্য ড০ জিতেন হাজৰিকাই ড০ মেধিৰ মেধাৰ উল্লেখেৰে তেখেতৰ বৌদ্ধিক অৱদান সম্পৰ্কে কয়। ডা০ বংশীধৰ বৰুৱা আৰু ডা০ ফাৰুক আহমেদৰ চিকিৎসক হিচাপে থকা অৱদানৰো ব্যাখ্যা কৰে। ডাঃবংশীধৰ বৰুৱাৰ সান্নিধ্য সোঁ‌ৱৰি লাহোৱালস্থিত আঞ্চলিক গৱেষণাগাৰৰ প্ৰাক্তন সঞ্চালক ড০ জগদীশ মহন্তই প্ৰতিস্থাপক সঞ্চালক ডা০ বৰুৱাৰ চিকিৎসক হিচাপে ৰোগ নিৰ্ণয়ৰ নিৰ্ভুল গুণৰ কথা শ্ৰদ্ধাৰে সোঁ‌ৱৰে। ড০ পৰমানন্দ মহন্তই ড০ বৰুৱাৰ বিজ্ঞান সমিতিৰ সৈতে তেখেতৰ ওতপ্ৰোত সম্পৰ্কৰ কথা কয়। ডা০ ফাৰুক আহমেদক সম্বৰ্ধনা পত্ৰ, ফুলাম গামোছা,গ্ৰন্থৰ টোপোলা আৰু এখনি সঁ‌ফুৰাৰে বিজ্ঞান সমিতিয়ে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা পত্ৰ পাঠ কৰে ড০ ভাৰতী দত্তই। ড০ আহমেদৰ বিশাল অৱদানৰ বাবে সমাজ তেখেতৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব বুলি পত্ৰখনিত উল্লেখ কৰা হয়। পৌৰনিগমৰ মেয়ৰ ডা০ সৈকৎ পাত্ৰই ডা০ ফাৰুক আহমেদৰ চিকিৎসক হিচাপে তেখেতৰ কৰ্ম নিষ্ঠাৰ কথা কয়। সভাৰ আৰম্ভনিতে মংগলাচাৰণ কৰে ইৰাণী বৰপূজাৰীয়ে। সমজুৱাৰ ফালৰ পৰা ড০ দিলীপ ভূঞা,ইকবাল আহমেদ আদিয়ে ভাষণ প্ৰদান কৰে। আজিৰ এই অনুষ্ঠানত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিশিষ্ট চিকিৎসা বিজ্ঞানী ডা০ ফাৰুক আহমেদক সম্বৰ্ধনা জ্ঞাপন কৰে তাৰ ভিতৰত চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ হৈ সভাপতি ডা০ আহমেদ উল্লা খান, উপ সভাপতি আব্দুল খালেক, সম্পাদক এম হাছিম আলী, সহকাৰী সম্পাদক শ্বাহনাৱাজ ৰহিম,আহোম ৰ’ৱেল চচাইটিৰ হৈ উত্তম বৰুৱা,মানৱ কল্যাণ সেৱা সংস্থাৰহৈ সম্পাদিকা ডা০ মালাৰাণী দেৱী দত্ত আৰু মালবিকা ভূঞা আৰু মিনতি দত্ত, সদৌ অসম লেখিকা সমাৰোহ সমিতি,ডিব্ৰুগড় শাখাৰ হৈ ডা০ মিনু দেৱী আদি আছিল অন্যতম।সভাপতিৰ মন্তব্যত ড০ ভাৰতী দত্তই কেওগৰাকী বিশিষ্ট বিজ্ঞানীৰ জীৱন তথা কৰ্মৰাজিৰ বহূল প্ৰচৰৰ পোষকতা কৰে। অনুষ্ঠানত উপস্থিত সকলোকে শ্ৰুতিমধুৰ সাৱলীল ভাষাৰে শলাগৰ শৰাই আগবঢ়ায় বিজ্ঞান সমিতিৰ কাৰ্যকৰী সভাপতি তথা কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ সুদক্ষিণা দাসে।