ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- “নিজৰ আৰু সমাজৰ বাবে যোগাসন”-এই মূল বিষয়বস্তুৰে আজি (২১-৬-২৪)ডিব্ৰুগড় জিলাত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ডিব্ৰুগড়ৰ মিলন নগৰস্থিত বহুমুখী ইনডৰ ষ্টেডিয়ামত ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় আয়ুস অভিযান অসমৰ উদ্যোগত সমূহীয়া যোগাভ্যাস কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। এই সমূহীয়া যোগাভ্যাসত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই। তেওঁৰ সৈতে যোগাভ্যাসত অংশগ্ৰহণ কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জিলা আয়ুক্ত বিক্ৰম কৈৰী, জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, জিলা উন্নয়ন আয়ুক্ত অনুপ কুমাৰ ব্ৰহ্ম, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাস, ডিব্রুগড় উন্নয়ন প্ৰাধিকৰনৰ সভাপতি অসীম হাজৰিকা, সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য উচ্চ-পদস্থ বিষয়াবৰ্গ, জিলা ক্ৰীড়া বিভাগৰ বিষয়াবৰ্গ, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী তথা ভাৰতীয় সেনাৰ ৩ গ্ৰেনেডিয়াৰৰ জোৱানসকল, সেৱা ভাৰতী ডিব্ৰুগড়ৰ সদস্য ও প্ৰশিক্ষাৰ্থীসকল, ব্ৰহ্ম কুমাৰী ডিব্ৰুগড়ৰ সদস্যসকল আৰু আৰু সদৌ অসম যোগা এচোছিয়েশ্যনৰ ডিব্ৰুগড়ৰ সদস্যসকলে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বৰাই যোগাভ্যাস শৰীৰ আৰু মনৰ আধ্যাত্মিক অনুশীলন বুলি উল্লেখ কৰি কয় যে, দৈনিক ব্যায়াম, যোগাসন বা যোগাভ্যাসৰ জৰিয়তে প্ৰতিজন ব্যক্তিয়েই শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব পাৰে। তেওঁ লগতে কয় যে, যোগ আৰু প্ৰাণায়ামৰ নিয়মিত অনুশীলনে একোজন ব্যক্তিক আধ্যাত্মিক আৰু মানসিকভাবে শক্তিশালী কৰি তুলিব পাৰে। বিশ্বৰ সমগ্ৰ মানৱ জাতিৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনেই আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল উদ্দেশ্য বুলিও তেওঁ মন্তব্য আগবঢ়ায়। ইয়াৰ লগতে নৱপ্ৰজন্মক যোগাভ্যাসৰ প্ৰতি আগ্ৰাহাম্বিত কৰিবলৈ প্ৰচেষ্টা চলাবলৈয়ো মন্ত্ৰীগৰাকীয়ে উপস্থিত সকলোকে আহ্বান জনায়। এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত জিলা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়ৰ যোগ প্ৰশিক্ষক মন্টু সোনোৱাল আৰু ৰশ্মিৰেখা বৰাই সকলোকে সমূহীয়াভাবে যোগাভ্যাস কৰোৱায়। আনহাতে, দশম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস”ৰ কাউন্টডাউন কাৰ্যসূচীৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ বিবেকানন্দ কেন্দ্ৰত ১৬ জুন তাৰিখে জিলা পৰ্যায়ত চাৰিটা শাখাত অনুষ্ঠিত যোগ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক আজি আয়োজন কৰা দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীতে মন্ত্ৰী বিমল বৰাই ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰে।