ডিব্ৰুগড় জিলা কৃষি বিভাগৰ উদ্যোগত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আচঁনিৰ পৰিপূৰ্ণতা অভিযান
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ কৃষক ৰাইজৰ সুবিধাৰ্থে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আচঁনিৰ অধীনত বিশেষ শিবিৰৰ আয়োজন কৰা হয়। জিলাখনৰ মৰাণ, চাবুৱা, টিংখং, লাহোৱাল, নাহৰকটীয়া, টেঙাখাট, পশ্চিম ৰাজহ চক্ৰ আৰু পূব ৰাজহ চক্ৰৰ অন্তৰ্গত অনুষ্ঠিত শিবিৰত কৃষি উন্নয়ন বিষয়াসকলৰ উপস্থিতিত গাওঁ প্ৰধানসকলে কৃষি সম্প্ৰসাৰণ সহায়ক সকলৰ সহযোগত স্ব-পঞ্জীয়নভুক্ত কৃষক ৰাইজৰ সত্যাপন নিৰূপণ কৰে।উল্লেখযোগ্য যে যিসকল কৃষকে অনলাইন যোগে আবেদন কৰি যাৱতীয় নথি-পত্ৰ বিশেষকৈ কৃষকসকলৰ আধাৰ কাৰ্ড, বেংকৰ বহি, মাটিৰ জমাবন্দিৰ জেৰক্স কপি জমা দিয়া নাই, উক্ত শিবিৰত তেওঁলোকৰ নথি-পত্ৰ জমা লোৱা হয়।