ডিব্ৰুগড় জিলাৰ ৮৪,৫০০ গৰাকী নতুন হিতাধিকাৰীক প্ৰদান কৰা হব ৰেচন কাৰ্ড 

ডিব্ৰুগড় জিলাৰ ৮৪,৫০০ গৰাকী নতুন হিতাধিকাৰীক প্ৰদান কৰা হব ৰেচন কাৰ্ড 
 এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়  জিলাৰ জিলা আয়ুক্ত  বিক্ৰম কৈৰীৰ নিৰ্দেশক্ৰমে খাদ্য সুৰক্ষা আইনৰ অধীনত নতুন ৰেচন কাৰ্ড প্ৰদান আৰু নাম সংযোজন প্ৰক্ৰিয়া পুৰ্ণগতিত অব্যাহত ৰাখিছে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, ডিব্ৰুগড়ে |  ইয়াৰ অংশ হিচাপে বিভাগটোৱে ডিব্ৰুগড় জিলা কাৰ্যালয়ৰ সভাকক্ষত  সকলো খণ্ড উন্নয়ণ বিষয়া,  পৰীক্ষন সমিতি(Scrutiny Committee)ৰ মনোনীত সদস্যৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় | নৱগঠিত খোৱাং আৰু টিংখাং সম-জিলাৰ সম-জিলা আয়ুক্তদ্বয় ক্ৰমে  জিন্টু বৰা আৰু  পৰিক্ষীত ফুকনৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখনত  নতুন ৰেচন কাৰ্ড প্ৰদান আৰু নাম সংযোজন প্ৰক্ৰিয়া সম্পৰ্কে বিষদভাৱে আলোচনা কৰা হয় | অসম খাদ্য সুৰক্ষা বিধি ২০২২ সংশোধিত অনুযায়ী বাছনি প্ৰক্ৰিয়া সম্পন্ন হ’ব | আবেদন পত্ৰ ইতিমধ্যে pds.assam.gov.in এই পৰ্টেলত উপলব্ধ কৰা হৈছে | ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশ অনুসৰি ডিব্রুগড় জিলাৰ সকলো গাঁও পঞ্চায়তৰ (সংশ্লিষ্ট) কাৰ্যালয়ত, স‍ংশ্লিষ্ট ৱাৰ্ড কাউন্সিলৰ, পৌৰসভাৰ কাৰ্যালয়ত পূৰণ কৰা আবেদন পত্ৰ (FORM-C)  জমা দিব পাৰিব | আবেদন দাখিলৰ সময়সীমা ১৯ অক্টোবৰ ২০২৪ পৰ্যন্ত | এইবাৰ ডিব্ৰুগড় জিলাৰ ৮৪,৫০০ গৰাকী নতুন হিতাধিকাৰীক  ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব | জিলাখনৰ অন্তৰ্গত আৰ্থিকভাৱে দুৰ্বল সকলো যোগ্য  হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান  কৰাত গুৰূত্বাৰোপ কৰিছে বিভাগটোৱে।