ডিব্ৰুগড় জিলাৰ ইছলাম ধৰ্মীৰ বাবে আগন্তুক ৰমজান মাহৰ শুদ্ধ নামাজৰ সময়সূচী ঘোষণা ইছলামী সমাজৰ
এম্ হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ৮ জানুৱাৰীত (বুধবাৰ )ডিব্ৰুগড়ৰ স্থানীয় “ডিব্ৰুগড় ঈদগাহৰ কমিউনিটী প্ৰেক্ষাগৃহ”ত ডিব্ৰুগড় জিলাত থকা প্ৰায় ১৩০ টা মছজিদ জামাতৰ সভাপতি সম্পাদকৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা ইমাম আলিম উলামা আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাৰ বাবে এখন শুদ্ধ নামাজৰ তালিকা, বিশেষকৈ প্ৰতিবছৰে ৰমজান মাহত ‘চেহেৰী ‘ আৰু ‘ ইফতাৰ’ ৰ সময়ত হোৱা কিছু সময়ৰ তাৰতম্যৰ বাবে ডিব্ৰুগড় জিলাখনত সময়সূচী একক ভাৱে হোৱাৰ বাবে তালিকাখন প্ৰস্তুত কৰি পূৰ্বতে গৃহীত হোৱা সময় তালিকাখন বিতৰণ কৰা হয়। এই উদ্দেশ্যে ডিব্ৰুগড় জিলাৰ হিলাল কমিটিয়ে ২০২৪ চনৰ ৰমজান মাহৰ পূৰ্বে এখনি “ক’ৰ কমিটি” গঠন কৰি দিছিল আৰু এই সমিতি খনত জিলা খনৰ বিভিন্ন আলিম উলেমাৰ সহযোগত প্ৰস্তুত কৰা হয় আৰু সেইমতে সমিতিখনে উত্তৰ প্ৰদেশৰ ‘ দাৰুল ইফতাৰ’ৰ ফটোৱা নম্বৰ ৩২৮১, চাহাৰাণপুৰ উ: প্ৰদেশৰ ‘ ফটোৱা নং ৮৭৫, বিশেষজ্ঞ মহম্মদ আনাচ চাহাবৰ ছালাত টাইমছ , লগতে ‘ইউনিভাৰচিটি অফ ইছলামিক চায়েন্স’ আৰু ‘গুগ’ল টাইমছ’ৰ সহায় লৈ ক’ৰ কমিটিখনে ডিব্ৰুগড় জিলাৰ ইছলাম ধৰ্মীলোক সকলৰ বাবে নামাজ আৰু ৰমজানৰ এখন গ্ৰহণযোগ্য সময়সূচী প্ৰস্তুত কৰা হয় বুলি ডিব্ৰুগড় জিলাৰ হিলাল কমিটিৰ সম্পাদক আলহজ নাচিমুল গনিয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাত থকা ১৩০ টা জামাতৰ এই সভাত ৫৫ টা মছজিদ কমিটিৰ সন্মানীয় সভাপতি সম্পাদকৰ লগতে তালিকাখন প্ৰস্তুত কৰা মুফতি আব্দুৰ ৰহমান নাদৱি, হিলাল কমিটিৰ সভাপতি মৌলানা আইনান জুবেৰী, সম্পাদক নাচমুল গণি, ডিব্ৰুগড় ঈদগাহ সমিতিৰ সভাপতি আলহজ আমানুল্লা আনচাৰি, সম্পাদক আলহজ চৌকত আলি, নাচিমুৰ ৰহমান আৰু ছাজাহ মাৰুফ আদি এই সভাত উপস্থিত থাকে। লগতে সমিতিখনে জনায় যে প্ৰস্তুত কৰা তালিকাখন ইতিমধ্যে প্ৰতিটো মছজিদত আঁৰি থব পৰাকৈ ডাঙৰকৈ অত্যাধুনিক ভাবে বাইণ্ডিং কৰি সকলো মছজিদ জামাতলৈ প্ৰেৰণ কৰা হৈছে। লগতে এই সময়সূচীৰ তালিকাখন ‘পকেট তালিকা’ হিচাপেও প্ৰস্তুত কৰি ৰাইজৰ মাজত অতি সোনকালে বিতৰণ কৰা হব বুলিও হিলাল কমিটীৰ সম্পাদকে জানিবলৈ দিয়ে।