ডিব্ৰুগড় জিলাত “ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস” উদযাপন

ডিব্ৰুগড় জিলাত “ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস” উদযাপন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  “ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস”- ডিব্রুগড় জিলা স্বাস্থ্য সমিতি আৰু অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ যৌথ উদ্যোগত ২৪-১-২৫ত ডাঃ জন বেৰী হোৱাইট চেমিনাৰ হ’লত আয়োজন কৰা হয়। কাৰ্যসূচীৰ প্ৰাৰম্ভনীতে  নাৰ্ছিং শিক্ষাৰ্থী, আশা কৰ্মী আৰু অন্যান্য স্বাস্থ্য কৰ্মীৰ অংশগ্ৰহণেৰে সজাগতা ৰেলীৰ আয়োজন কৰা হয়। “ৰাষ্ট্ৰীয় কন্যা শিশু” দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি  মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ অৰুনিমা দাস আৰু নগৰীয়া ৰাজ্যিক স্বাস্থ্য কেন্দ্রৰ চিকিৎসা বিষয়া ডাঃ উৎপলা বৰুৱাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰী ২০১৫ তাৰিখে শুভাৰম্ভ কৰা “বেটি বছাও বেটি পঢ়াও”  অভিযানৰ ওপৰত আলোকপাত কৰে। স্বাস্থ্য সেৱাৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডা০ অমৃত বৰুৱাই কয় যে এই অভিযানৰ মূল উদ্দেশ্য হৈছে কন্যা শিশুৰ  বিৰুদ্ধে বৰ্ধিত বৈষম্য বন্ধ কৰা আৰু কন্যা শিশুৰ  শিক্ষাৰ প্ৰচাৰ কৰা। এই অভিযানৰ অধীনত, চৰকাৰে  কন্যা সন্তানৰ বাবে বহুতো আঁচনি আৰম্ভ কৰিছে, যেনে সুকন্যা সমৃদ্ধি যোজনা, যাৰ উদ্দেশ্য হৈছে কন্যা সন্তানৰ ভৱিষ্যতৰ বাবে বিত্তীয় সুৰক্ষা প্ৰদান কৰা। ‘বেটি বচাও-বেটি পঢ়াও’-অভিযানে ছোৱালীৰ প্ৰতি সামাজিক মনোভাৱ সলনি কৰিবলৈ বহুতো প্ৰচেষ্টা চলাইছে। সভাত অতিৰিক্ত  মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াই সমাজত কন্যা সন্তানৰ শিক্ষাৰ প্ৰসাৰৰ  সজাগতা বৃদ্ধিৰ বাবে সকলোকে আহ্বান জনায়। তেওঁ জনায় যে, স্বাস্থ্য বিভাগে আজিৰে পৰা জিলাখনৰ চাহ বাগিচাসমূহত সজাগতা কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু কন্যা সন্তানৰ  অধিকাৰ আৰু  শিক্ষাৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰা হৈছে।