ডিব্ৰুগড় জিলাত ২ ডিচেম্বৰ পৰা ১৬ ডিচেম্বৰলৈ কুষ্ঠৰোগ  নিবাৰণৰ চিনাক্তকৰণ পষেক

ডিব্ৰুগড় জিলাত ২ ডিচেম্বৰ পৰা ১৬ ডিচেম্বৰলৈ কুষ্ঠৰোগ  নিবাৰণৰ চিনাক্তকৰণ পষেক
 
এম্ হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ অনান্য ঠাইৰ লগতে ডিব্ৰুগড় জিলাতো কুষ্ঠৰোগ চিনাক্তকৰণ আৰু সজাগতাৰ কাৰণে অহা ২ ডিচেম্বৰ পৰা ১৬ডিচেম্বৰলৈ এক পষেকীয়া কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি ডিব্ৰুগড় জিলা কুষ্ঠৰোগৰ মুখ্য বিষয়া ডা০ ৰাণী চুতীয়া হুছেইনে জানিবলৈ দিয়ে ৷ এই উদ্দেশ্যে ভাৰত চৰকাৰৰ কুষ্ঠৰোগ নিৰ্মূলকৰণ আঁচনিৰ নিৰ্দেশনা অনুযায়ী বিশেষকৈ ডিব্ৰুগড় জিলাতো এই পষেক পালন কৰাৰ উদ্দেশ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে আৰু তাৰ বাবে সকলো ব্লকৰ আশাকৰ্মী সকলক প্ৰশিক্ষণ দি থকা হৈছে  ৷ যিহেতু ডিব্ৰুগড় জিলাত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি আৰু বহুতো ৰোগী এতিয়াও ধৰা নপৰা কৈ আছে, সেয়েহে প্ৰশিক্ষণপ্ৰাপ্ত  আশাকৰ্মী সকলে ঘৰে ঘৰে গৈ সকলো লোকক বিনামূলীয়াকৈ পৰীক্ষা কৰি  চিনাক্তকৰণ কৰিব ৷ ইতিমধ্যে ডিব্ৰুগড় জিলাত যথেষ্ট সংখ্যক কুষ্ঠৰোগীৰ সংক্ৰমণ ধৰা পৰিছে বুলি জিলা কুষ্ঠ ৰোগ বিভাগৰ মুখ্য বিষয়া ডাঃ ৰাণী চুতীয়া হুছেইনে জানিবলৈ দিয়ে  লগতে দুই বছৰ বয়সৰ ওপৰৰ সকলো  সন্দেহজনক ৰোগীক ঘৰে ঘৰে গৈ পৰীক্ষা কৰা হব বুলিও তেওঁ জানিবলৈ দিয়ে। ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে এই অভিযানত ৰাইজক সৰ্বতো প্ৰকাৰে সহযোগিতা কৰিবলৈ আহ্বান জনায়। এই আঁচনিৰ লগত জড়িত অনান্য বিষয়া সকল হৈছে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰাজীৱ বৰুৱা ,মুখ্য বিষয়া ডাঃ ৰাণী চুতীয়া হুছেইন লগতে জিলাৰ  কুষ্ঠ ৰোগ বিভাগৰ কৰ্মকৰ্তা সকল।উক্ত  অনুষ্ঠানটি সাফল্য মণ্ডিতহৈ উঠিব বুলি ডিব্ৰুগড় জিলা কুষ্ঠৰোগ শাখাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে জানিবলৈ দিয়ে।