ডিব্ৰুগড় জিলাত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত সভা
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক বাৰিষাৰ বতৰত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সন্দৰ্ভত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখনি বৈঠক আজি (৪-৪-২৪) ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত ডাঃ মনিকা বৰাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে যাৱতীয় প্ৰস্তুতি তথা বিভিন্ন বিভাগৰ দায়িত্ব আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন দিশসমূহৰ বিষয়ে আলোচনা কৰা হয়। অতিৰিক্ত জিলা আয়ুক্ত গৰাকীয়ে জিলাখনৰ বিভিন্ন স্থানত হোৱা গৰাখহনীয়াৰ বিষয়ে বিতংভাবে আলোচনা কৰে। তেখেতে জলসম্পদ বিভাগক ততাতৈয়াকৈ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে যাৱতীয় ব্যৱস্থা ল’বলৈ আহ্বান জনায়। বানপানীৰ সময়ছোৱাত ব্যৱহৃত আশ্ৰয় শিবিৰ সমূহত বিশুদ্ধ খোৱাপানী, খাদ্য তথা অন্যান্য সাহাৰ্য সামগ্ৰীৰ পৰ্যাপ্ত পৰিমাণে যোগান, বিজ্ঞানসন্মত অনাময় ব্যৱস্থা আৰু শিশুৰ বাবে অনুকূল স্থানৰ ব্যৱস্থাৰ ওপৰতো অতিৰিক্ত জিলা আয়ুক্ত গৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ স্বাস্থ্য বিভাগক প্ৰয়োজনীয় ঔষধ-পাতি মজুত ৰখাৰ লগতে চিকিৎসকৰ দলসমূহক সষ্টম কৰি ৰাখিবলৈও আহ্বান জনায়। ইয়াৰ লগতে পশুপালন আৰু পশুচিকিৎসা বিভাগকো বানপানীৰ সময়ত যাতে পোহনীয়া জীৱ-জন্তুৱে খাদ্যৰ অভাৱত ভুগিবলগীয়া নহয় তাৰ বাবে পৰ্যাপ্ত পশুখাদ্য মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে। বিদ্যুৎ বিভাগক বানপানীৰ সময়ছোৱাত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। বানপানী আৰু যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত হোৱা ক্ষয়-ক্ষতি সম্পৰ্কে ততালিকে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক অৱগত কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়া হয়। অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে বানৰ কবলত পৰা লোকসকলক তাৎক্ষণিকভাবে যাতে প্ৰয়োজনীয় সাহায্য, সামগ্ৰী আদি যোগান ধৰিব পৰা যায়, সেয়া সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। সভাত উদ্ধাৰ অভিযানৰ বাবে পৰ্যাপ্ত সংখ্যক নাৱৰ ব্যৱস্থা, এছ.ডি.আৰ.এফ আৰু এন.ডি.আৰ.এফ দলৰ কৰণীয় সন্দৰ্ভতো বিতংভাবে আলোচনা কৰা হয়। আজিৰ সভাত এন.ডি.আৰ.এফ, এচ.ডি.আৰ.এফ, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ লগতে অন্যান্য সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়া আৰু প্ৰতিনিধিসকল উপস্থিত থাকে বুলিও তথ্য আৰু জনসংযোগ বিভাগে জনায়।