ডিব্ৰুগড় জিলাত  প্ৰাকৃতিক জলাশয়ত প্ৰজননৰ কালছোৱাত মাছৰ সংৰক্ষণ, বংশবৃদ্ধি আৰু উৎপাদন বৃদ্ধিৰ বাবে  মাছ ধৰাত নিষেধাজ্ঞা

ডিব্ৰুগড় জিলাত  প্ৰাকৃতিক জলাশয়ত প্ৰজননৰ কালছোৱাত মাছৰ সংৰক্ষণ, বংশবৃদ্ধি আৰু উৎপাদন বৃদ্ধিৰ বাবে  মাছ ধৰাত নিষেধাজ্ঞা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ  মীননীতি, ১৯৫৩ (সংশোধিত ২০০৫ ) অনুসৰি প্ৰজননৰ কালছোৱাত প্ৰাকৃতিক জলাশয়ত মাছৰ সংৰক্ষণ, বংশবৃদ্ধি আৰু উৎপাদন বৃদ্ধিৰ বাবে সমগ্র ডিব্ৰুগড় জিলাতে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি সমগ্ৰ  জিলাতে ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে ৭/১৪ ছে:মিটাৰতকে কম পাহিৰ বেৰজাল, মহাজাল, ফাঁচীজাল বা অন্য যিকোনো জাল ঘোষিত মীন মহলত ব্যৱহাৰ কৰা নিষেধ কৰা হৈছে।  ১.২ ছে.মিটাৰতকৈ কম পাহিৰ আঁঠুৱা জাল গোটেই বছৰ জুৰি মীনমহলত ব্যৱহাৰ কৰা নিষিদ্ধ কৰা হৈছে। ফিচাৰি আইন আৰু বিধিৰ ২৩-ক-১ ধাৰা অনুসৰি মাছৰ প্ৰজনণৰ সময়ছোৱা অৰ্থাৎ অহা ১মে’ পৰা ১৫ জুলাইলৈকে ৰৌ, বাহু, মিৰিকা, মালি, চিতল, পিঠিয়া, ঘৰিয়া আৰু কুঢ়ি প্ৰজাতিৰ কণী থকা গাভিনী মাছ ঘোষিত মীন মহলত ধৰা নিষিদ্ধ কৰা হৈছে। আনহাতে, ১ আগষ্টৰ পৰা ৩১ অক্টোবৰ লৈকে  ২৩ ছে:মিটাৰতকৈ কম দৈৰ্ঘ্যৰ ৰৌ, বাহু, মিৰিকা, মালি, চিতল, পিঠিয়া, ঘৰীয়া আদি আৰু  ১০ ছে:মি: দৈৰ্ঘ্যতকৈ কম দৈৰ্ঘ্যৰ  মালি, ভাঙোন, কুঢ়ি আদি মাছ খাবৰ বাবে অথবা বিক্ৰীৰ বাবে ধৰা নিষিদ্ধ কৰা হৈছে। সৰু মাছৰ ক্ষেত্ৰত উক্ত বাধা নিষেধ মীন বিভাগৰ অনুমতি সাপেক্ষে কেৱল মীন পালনৰ বাবে শিথিলকৰণ হ’ব পাৰে।  এই আদেশ ভংগ কৰিলে অসম মীন আইনৰ ২২ নং আৰু ৪১ নং ধাৰা অনুসৰি ১০০০ টকাৰ পৰা ৫০০০ টকালৈকে জৰিমনা বিহা হ’ব। যদি এবাৰ জৰিমনা ভৰাৰ পাছত পুনৰবাৰ আদেশ ভংগ কৰিলে ; আদেশ ভংগ কৰাৰ দিনৰ পৰা আৰম্ভ কৰি প্ৰতিদিনে ১০০ টকাকৈ পুনৰ জৰিমনা ভৰিব লাগিব। উক্ত জৰিমনাৰ উপৰিও মাছ ধৰাত ব্যৱহাৰ হোৱা জাল, অন্যান্য মাছ ধৰা সঁজুলি আদি বাজেয়াপ্ত কৰা হ’ব৷ লগতে কোনো লেচী বা মহলদাৰে এই আইন ভংগ কৰিলে আমানত ধন বাজেয়াপ্ত কৰাৰ উপৰিও মীন মহল বন্দোৱস্তী নাকচ হ’ব পাৰে বুলি জনসংযোগ সুত্ৰে জানিব পৰা গৈছে।