ডিব্ৰুগড় কেঞ্চাৰ চেণ্টাৰত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ উদ্যোগত ৰোগীৰ মাজত ফলাহাৰ বিতৰণ 

ডিব্ৰুগড় কেঞ্চাৰ চেণ্টাৰত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ উদ্যোগত ৰোগীৰ মাজত ফলাহাৰ বিতৰণ 
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ভোগালী বিহুৰ উৰুকাৰ দিনা ৰাষ্ট্ৰ সেৱিকা সমিতি ,ডিব্ৰুগড়ৰ কৰ্মকৰ্তা সকলে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছ্নৰ অন্তৰ্গত চিকিৎসা প্ৰতিষ্ঠান ডিব্ৰুগড়ৰ কেঞ্চাৰ চেণ্টাৰত  শতাধিক ৰোগীৰ মাজত ফলাহাৰৰ পেকেট বিতৰণ কৰে। তেওঁ‌লোকে আগতীয়াকৈ সঞ্চালক ডাঃ নৱজ্যোতি চৌধুৰীৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ ইচ্ছাৰ কথা ব্যক্ত কৰাত বিশেষ সাৱধানতাৰে বিশেষ কেইবিধমান ফল অনাৰ অনুমতি দিয়াৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড়ৰ সেৱিকা সমিতিৰ কৰ্মকৰ্তাসকলে যথেষ্ট যত্নসহকাৰে স্বাস্থ্যসন্মতভাৱে পেকেটসমূহ প্ৰস্তুত কৰে। বিভাগীয় কাৰ্যবাহিকা দিপ্তীময়ী গগৈ,কল্পনা বুজৰবৰুৱা, ডাঃ জেনিতা বৰুৱা, মীনাক্ষি গোস্বামী,স্বপ্না ৰয়,প্ৰতিমা ৰয়, মিতালী দেউৰী, প্ৰিয়ম কাশ্যপ, ভাগ্যশ্ৰী গগৈ,ৰুনজুন চেতিয়া, চানভী কোঁ‌ৱৰ আদি সেৱিকাসকলৰ সহযোগত সেৱাকাৰ্য সম্পন্ন কৰা হয়। বিশাল ভৱনৰ প্ৰত্যেক মহলাৰ বিভিন্ন ৱাৰ্ড আৰু বহিঃবিভাগৰো ৰোগীসকলr মাজতো ফলাহাৰ বিতৰণ কৰা হয়। তেওঁলোকে সেৱাকাৰ্যৰ আগেয়ে ৰোগীসকলৰ আশু আৰোগ্য কামনাৰে এক মৌন প্ৰাৰ্থনাও অনুষ্ঠিত কৰে। এই কাৰ্যত আমন্ত্ৰিত অতিথি হিচাপে সহযোগিতা আগবঢ়ায় বিশিষ্ট লেখিকা, সমাজ সেৱিকা ড০ ভাৰতী দত্তই। ৰাষ্ট্ৰ সেৱিকা সমিতি,ডিব্ৰুগড় শাখাই নীৰৱে সমাজ কল্যাণমূলক  কামত সুদীৰ্ঘকাল আত্মনিয়োগ কৰি আহিছে। উল্লেখযোগ্য যে কেঞ্চাৰ চেণ্টাৰৰ বিষয়ববীয়া- অভিজিৎ ভট্টাচাৰ্য,বিকাশ‌ তালুকদাৰ, ভাস্কৰজ্যোতি গগৈ,  ইমদাদুৰ ৰহমান,ইন্দিৰা পুন আৰু সোমালী বৰঠাকুৰে সেৱিকা কৰ্মকৰ্তা সকলৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়। তেওঁ‌লোকৰ প্ৰতি অনুষ্ঠানটিয়ে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে নিউট্ৰিচিয়ান ৰিয়া গগৈৰ প্ৰতিও সেৱিকা সমিতি,ডিব্ৰুগড় শাখাই ধন্যবাদ জ্ঞাপন কৰে।