ডিব্ৰুগড় এ এম চি এইচত হৃদৰোগ আৰু ৰক্তজনিত জটিল ৰোগত আক্ৰান্ত শিশুৰ বাবে বিশেষ চিকিৎসা শিবিৰ

ডিব্ৰুগড় এ এম চি এইচত হৃদৰোগ আৰু ৰক্তজনিত জটিল ৰোগত আক্ৰান্ত শিশুৰ বাবে বিশেষ চিকিৎসা শিবিৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম, ডিব্ৰুগড়ৰ উদ্যোগত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অতিবিশেষ সেৱা ভৱনত অনুষ্ঠিত হয় হৃদৰোগ আৰু ৰক্তজনিত জটিল ৰোগত আক্ৰান্ত শিশুৰ বাবে এক বিশেষ চিকিৎসা শিবিৰ । নাৰায়না হৃদয়ালয়া বেংগালুৰুৰ ৬ জন বিশেষজ্ঞ চিকিৎসকে এই শিবিৰত বিশেষ ভাৱে সেৱা আগবঢ়ায়। মূলতঃ ডিব্ৰুগড় আৰু চৰাইদেউৰ তিনি শতাধিক শিশুক এই শিবিৰত পৰীক্ষা সম্পন্ন কৰা হয় । মুখ্যমন্ত্ৰী ড০ হিমন্ত‌ বিশ্ব শৰ্মাৰ নেতৃত্বত ‌শিশু‌সকলক এই ‌জটিল‌ৰোগ সমূহৰ ‌পৰা আৰোগ্য ‌কৰিবৰ‌ বাবে‌ উপযুক্ত নিদান আৰু চিকিৎসা ব্যৱস্থাপনাৰ উদ্দেশ্যৰে এই শিবিৰৰ আয়োজন কৰা হয়। লিউকেমিয়া , থেলাচেমিয়াকে‌ আদি কৰি ৰক্তজনিত ৰোগত আক্ৰান্ত হৈ অস্হি মজ্জা সংৰোপনৰ প্ৰয়োজন হোৱা ০-১৪ বছৰীয়া শিশুৰ বাবে পৰৱৰ্তী স্বাস্থ্য সেৱা বিনামূলীয়াকৈ উপলব্ধ হ’ব । তদুপৰি জন্মগত ভাবে হৃদৰোগত আক্ৰান্ত ০-১৮ বছৰীয়া শিশুৰ বাবেও পৰৱৰ্তী পৰ্যায়ত বিনামূলীয়াকৈ চিকিৎসা সেৱা উপলব্ধ কৰা হ’ব । প্ৰয়োজন অনুসৰি নিৰ্দিষ্ট চিকিৎসালয়লৈ প্ৰেৰণৰ লগতে ১০০% অনুদান মূলক স্বাস্থ্য সেৱাও প্ৰদান কৰা হ’ব । ডিব্ৰুগড় আৰু চৰাইদেউৰ প্ৰায় ‌৩০০ ৰো‌ অধিক শিশুক এই শিবিৰত স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰোৱা‌ হয় ।এই শিবিৰৰ শুভ উদ্বোধন কৰে অসম চিকিৎসা মহাবিদ্যালয়‌ হাস্পতালৰ অধ্যক্ষ ডা: সঞ্জীৱ কাকতিয়ে‌।‌ তদুপৰি ‌এই‌ শিবিৰত চিকিৎসা মহাবিদ্যালয়‌ খনৰ উপ অধীক্ষক ডা‌০ প্ৰশান্ত দিহিঙ্গীয়াকে‌ প্ৰমুখ্য কৰি জ্যেষ্ঠ্য চিকিৎসকসকল আৰু চিকিৎসা কৰ্মী সকল, যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ ৰাজীৱ কুমাৰ বৰুৱা , অতিৰিক্ত মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডা০ তৃষ্ণা বৰা, ৰাষ্ট্ৰীয় বাল‌ স্বাস্থ্য কাৰ্যক্ৰমৰ ন’ডেল বিষয়া ডা০ অৰুনিমা বৰ্মন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আৰু ব্লক পৰ্যায়ৰ বিষয়া সকল এই অনুষ্ঠানত উপস্হিত থাকে ‌।