ডিব্ৰুগড়ৰ সামাজিক অনুষ্ঠান চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ নতুন সমিতি গঠন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ অন্যতম সামাজিক অনুষ্ঠান চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ ত্ৰিবাৰ্ষিক সাধাৰণ সভাখনি যোৱা ২৫ জানুৱাৰী তাৰিখে স্থানীয় ডিব্ৰুগড় ঈদগাহ ময়দানৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানৰ সভাপতি ডাঃ আহমেদ উল্লা খানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ২০২৪-২৭ বৰ্ষৰ বাবে নতুন সমিতি গঠন কৰা হয় এনেধৰনৰে : সভাপতি- চেহিৰ আহমদ, উপ-সভাপতিদ্বয়- আব্দুল খালেক, ৰফিক আহমেদ, সম্পাদক- এম হাছিম আলী, সহযোগী সম্পাদকত্ৰয়- আব্দুল চাজিদ, নৌছাদ আলী আহমেদ, ইমৰাণ হুছেইন, কোষাধ্যক্ষ- চৈয়দ নূৰুজ্জামান,কাৰ্য্যকৰী সদস্যসকল- চুৰেয়া নূৰ বেগম খান,ৰহিমুল হুছেইন,খেলিলুৰ ৰহমান বৰবৰা, মুহিবুল হুছেইন,চৌকত আলি আৰু কমৰুজ জামান। উক্ত সভাত অনুষ্ঠানটিৰ জ্যেষ্ঠ সদস্য ফিৰোজ খান, ডাঃ ৰেইজা বৰা, মুহিবুল আহমেদ আদিয়ে অনুষ্ঠানটিৰ সুদীৰ্ঘ ২৫ বছৰীয়া কাৰ্যকালৰ মধুৰ স্মৃতি ৰোমন্থন কৰে।