ডিব্ৰুগড়ৰ শতায়ু গৰকিব লগীয়া ধৰ্মপ্ৰাণা হামিদা ৰহমানৰ মৃত্যু
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ নালিয়াপুল নিবাসী, ধৰ্মপ্ৰাণা মহিলা আলহাজিন হামিদা ৰহমান ওৰফে মাখনৰ ১০-৪-২৪ নিশা বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৯ বছৰ ৫ মাহ। ১৯২৪ চনৰ ১৫ ডিচেম্বৰত জন্ম গ্ৰহণ কৰা হামিদা ৰহমানে মাত্ৰ কেইটামান মাহৰ পিছতে শতবৰ্ষত উপনীত হ’লহেতেন। তেওঁ স্কুল-কলেজৰ শিক্ষাগ্ৰহণ কৰিছিল চিলংঙৰ পৰা। ১৯৮৬ চনত তেওঁৰ পুত্ৰ শিক্ষক আলহজ ইজাজুৰ ৰহমানৰ সৈতে পৱিত্ৰ হজ সমাপন কৰি আহে। এগৰাকী অতি সহজ সৰল অমায়িক ধৰ্মপ্ৰাণা মহিলা হিচাপে জনাজাত হামিদা ৰহমানৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেওঁৰ এজন পুত্ৰৰ উপৰিও দুগৰাকী জীয়েক আৰু নাতি নাতিনীসহ পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। আজি মৰহুম হামিদা ৰহমানৰ জানাজা নালিয়াপুল কবৰস্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত ডিব্ৰুগড়ৰ চেন্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ সভাপতি- সম্পাদক, নালিয়াপুল মছজিদ কমিটিৰ সভাপতি- সম্পাদক, ডিব্ৰুগড় ঈমাম পৰিষদ আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে।