ডিব্ৰুগড়ৰ লেকাই ঠাকুথানত মাখিৰ উপদ্ৰব

ডিব্ৰুগড়ৰ লেকাই ঠাকুথানত মাখিৰ উপদ্ৰব:গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পত ভয়ংকৰ পৰিৱেশ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চল লেকাই ঠাকুৰথানত মাখিৰ উপদ্ৰবত ৰাইজ শংকিত হৈছে অঞ্চলটোৰ ৰাইজ। লেকাই ঠাকুৰথানত চৰকাৰৰ উদ্যোগত দুবছৰৰ পূৰ্বৰ পৰা আৰম্ভ হোৱাৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পৰ পৰাই উদ্ভৱ হোৱা অত্যাধিক মাখিৰ ফলত এতিয়া শংকিত হৈ পৰিছে । দিন – দুপৰতে আঁঠুৱা টৰি নিজৰ খাদ্যবস্তু গ্ৰহন কৰিবলগীয়া হৈছে লেকাই থাকুৰঠানৰ নাগৰিকে। দিন-ৰাতি, সকলো সময়তে খাব- শুব নোৱাৰাৰ অৱস্থা সৃষ্টি হৈছে। । বিশেষকৈ মাছৰ বজাৰ, ফলমূলৰ বজাৰ আদিত অগণন মাখিৰ ফলত এতিয়া খুচুৰা ব্যৱসায়ীসকল মূৰে কঁপালে হাত দিবলগীয়া হৈছে। মাখিৰ ফলত গ্ৰাহকে খোৱা সামগ্ৰীও ক্ৰয় কৰিবলৈ বজাৰলৈ অহা বাদ দিছে। বিদ্যালয়লৈ অহা ছাত্ৰ – ছাত্ৰীসকলৰ মাজতো হাহাকাৰ অৱস্থা। চৰকাৰী এই প্ৰকল্পটো বহি:ৰাজ্যৰ এটি ব্যৱসায়ী কোম্পানীক প্ৰশাসনে হস্তান্তৰ কৰা ফলতেই এতিয়া কোম্পানীটোৱে গোটা আৱৰ্জনাসমূহ নিস্কাষনৰ পৰিৱৰ্ত্তে দৈনিক বৃহৎ জাৱৰৰ দমসমূহ প্ৰকল্পটোৰ ভিতৰত সংগ্ৰহ কৰি থোৱা বাবেই এনেদৰে অত্যাধিক মাখিৰ উপদ্ৰৱ হৈছে বুলি অঞ্চলটোৰ স্থানীয় জনসাধাৰণে অভিযোগ কৰিছে। কমিছনৰ অংকত একাংশ ঠলুৱা ঠিকাদাৰও এই কাৰ্যত জড়িতহৈ থকা বাবে এই সমস্যাই এতিয়া অঞ্চলটোত যথেষ্ট মাখি বৃদ্ধি পাইছে। মাখি নিৰাময় ব্যৱস্থা কৰা বাবে অঞ্চলটোৰ ৰাইজে বহুবাৰ ঠিকাদাৰ প্ৰতিষ্ঠানৰ লগতে জিলা প্ৰশাসনক দাবী জনাই অহা পিছতো এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষ তৰফৰ পৰা কোনোধৰণৰ প্ৰদক্ষেপ গ্ৰহন কৰা নাই বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।