ডিব্ৰুগড়ৰ লাহোৱালত ভয়ংকৰ দুৰ্ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ লাহোৱালত পুৱতি নিশা সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই চেঁচা দলঙৰ পৰা নৈত পৰিল AS06AK 8716 নম্বৰৰ এখন বিলাসী বাহন। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল পাঁচজনলোক। দুর্ঘটনাত ইতিমধ্যে এজন যুৱকৰ থিতাতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনহাতে বাহনখনত থকা আন চাৰিজন লোকক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। মৃত যুৱকজন টেঙাখাত তামুলীখাতৰ ঈশান গগৈ। আনহাতে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা আন চাৰিজন লোক ক্ৰমে অখিৰাজ গগৈ (২৮), ত্রিদীপ গগৈ (৩০), লাটু গগৈ (২৬) আৰু বিপ্লৱ গগৈ (২৮)।পুৱতি নিশা ডিব্ৰুগড়ৰ বকুল মাজগাঁৱত কইনা থৈ টেঙাখাতৰ তামুলীখাটৰ ঘৰলৈ উভতি আহিছিল পাঁচ যুৱক।পুৱতিনিশা ঘন কুঁৱলীৰ বাবেই চেঁচা নদীৰ ওপৰত থকা দলঙৰ পৰা উফৰি অভিশপ্ত বাহনখন নদীৰ বুকুত পৰাৰ সন্দেহ কৰা হৈছে। ঈশানৰ মৃতদেহ উদ্ধাৰৰ পাছতে দুৰ্ঘটনাস্থলীত বিৰাজ কৰে এক শোকাকুল পৰিৱেশে। দুৰ্ঘটনাস্থলীত মাতৃ তথা আত্মীয়ৰ হিয়াভগা কান্দোনে শোকাহত কৰি তুলিছে উপস্থিত প্ৰতিগৰাকীকে।