ডিব্ৰুগড়ৰ  মহিলা অনুষ্ঠান মধুমিতা সংঘৰ উদ্যোগত “প্ৰতিভাসেন বৰুৱা সোঁৱৰণী” মহিলাৰ  দিহানাম প্ৰতিযোগিতাৰ বঁটা বিতৰণ

ডিব্ৰুগড়ৰ  মহিলা অনুষ্ঠান মধুমিতা সংঘৰ উদ্যোগত “প্ৰতিভাসেন বৰুৱা সোঁৱৰণী” মহিলাৰ  দিহানাম প্ৰতিযোগিতাৰ বঁটা বিতৰণ 
এম্ হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-   যোৱা ১ মাৰ্চত ডিব্ৰুগড়ৰ অন্যতম অগ্ৰণী মহিলা অনুষ্ঠান মধুমিতা সংঘৰ উদ্যোগত সংঘৰ এগৰাকী সৰবৰহী সদস্যা প্ৰয়াত প্ৰতিভাসেন বৰুৱাৰ স্মৃতিত মহিলাৰ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। আঞ্চলিক ভিত্তিত অনুষ্ঠিত এই প্ৰতিযোগিতাত স্থানীয় বহুকেইটা দিহানামৰ দলে অংশগ্ৰহণ কৰে।। মধুমিতা সংঘৰ সভাপতি জোনালী খাউণ্ডৰ আদৰণী ভাষণৰ পিছত সম্পাদক ৰূপালী ভট্টাচাৰ্যই উদ্দেশ্যবাখ্যা আৰু মুখ্য উপদেষ্টা  কুমকুম দত্তৰ বন্তি প্ৰজ্বলনৰ পাছত প্ৰতিযোগিতাখনি আৰম্ভ হয়। প্ৰতিযোগিতাত শ্ৰেষ্ঠতাৰ ভিত্তিত যথাক্ৰমে পাঞ্চজণ্য দিহানামৰ দলে প্ৰথম, মণিকাঞ্চণ দিহানামৰ দলে দ্বিতীয় আৰু মাইজান নামঘৰ দিহানামৰ দলে তৃতীয় স্থান লাভ কৰে। ইয়াৰোপৰি.আমোলাপট্টি ৰাজহুৱা নামঘৰ আৰু কলাখোৱা-লেজাই গাওঁ দিহানামৰ দলে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে।কেউটা বিজয়ী দলকে ট্ৰফী, মানপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। বঁটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা প্ৰয়াত প্ৰতিভাসেন বৰুৱাৰ পুত্ৰ ধ্ৰুৱশ্ৰী পদ্মনাভসেন বৰুৱাই মাতৃৰ স্মৃতি বিজড়িত মধুমিতা সংঘৰ অতীত ৰোমন্থণ কৰি নষ্টালজিক হৈ পৰে আৰু মধুমিতা সংঘৰ এনে মহৎ প্ৰয়াসৰ শলাগ লয়। কাৰ্যসূচীত শলাগৰ শৰাই আগবঢ়ায় মধুমিতাসংঘৰ কাৰ্যকৰী সভানেত্ৰী মিনতি চলিহাই। অনুষ্ঠানলৈ দাতা পৰিয়ালে আগবঢ়োৱা আৰ্থিক সাহায্য আৰু ডাঃ সোণ শইকীয়াই আগবঢ়োৱা ট্ৰফী সমূহৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।