ডিব্ৰুগড়ৰ বৰবৰুৱা ছ্যুকাফা ভৱনত টাই আহোম যুৱ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত মোমাই তামুলী বৰবৰুৱা বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ ছ্যুকাফা ভৱনত যোৱা ১৭ মাৰ্চত “টাই আহোম যুৱ পৰিষদ”ৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত, জিলা সমিতিৰ অন্তৰ্গত আঞ্চলিক সমিতি আৰু ডিব্ৰুগড়বাসীৰ সহযোগত। মোমাই তামুলী বৰবৰুৱা বঁটা প্ৰদান অনুষ্ঠান ২০২৪ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। এই উপলক্ষে টাই আহোম ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি যাদৱ কোঁৱৰে পতাকা উত্তোলন,মৈদাম তৰ্পণ কৰে।’টাইপা’ৰ জিলা যুটীয়া সম্পাদক জিণ্টু দিহিঙ্গীয়াই চাওলুং ছ্যুকাফাৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ কৰাৰ পিছত বন্তি প্ৰজ্বলন কৰে টাইপা ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যকৰী সভাপতি দীপাংকৰ দুৱৰাই। “মোমাই তামুলী বৰবৰুৱা বঁটা” প্ৰদান অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত মুকলি সভাৰ প্ৰাৰম্ভিকতে মোমাই তামুলী বৰবৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে টাইপা কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দ্বীপ জ্যোতি দুৱৰাই।টাই সাংস্কৃতিক দলে মুকলি কৰা মুকলি সভাত নিদিষ্ট বক্তাৰ ভাষণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰৰ ছ্যুকাফা আসনৰ সঞ্চালক জাহ্নৱী গগৈয়ে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই নিযুক্তি দিয়া মোমাই তামুলী বৰবৰুৱাই স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্ব কালত কৰ্মদক্ষ ৰাজচৰা বিষয়া উল্লেখনীয় ভূমিকা পালন কৰিছিল বুলি কয়। নিজৰ ভাষণত মোমাই তামুলী বৰবৰুৱাই নিজৰ দক্ষতা,প্ৰতিভা আৰু গুণসম্পন্ন বিষয়া ৰূপে আগবঢ়োৱা অৱদানৰ ওপৰতো তেওঁ আলোকপাত কৰে। সভাত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত তামুলীয়ে নিজৰ ভাষণত আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ শাসনকালত ৰজাঘৰীয়া পদবী অৰ্জন কৰি মোমাই তামুলী বৰবৰুৱাই নিজৰ কৰ্মদক্ষতাৰে আৰু সুচাৰুৰূপে দায়িত্ব পালন কৰাৰ উপৰিও ‘পাইক’প্ৰথাৰ যোগেদি জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন পদবী সৃষ্টি কৰি আগবঢ়োৱা অৱদান আৰু কৰ্মপ্ৰেৰণাই আমাৰ সকলোৰে বাবে আদৰ্শ মহানুভৱ বুলি মত প্ৰকাশ কৰে। মুকলি সভাত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়া,শোভন কোঁৱৰ, দেৱজিৎ গগৈ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উদয়ন কুমাৰ গগৈ, টাইপাৰ মুখপাত্ৰ মানস প্ৰতিম গগৈও অংশগ্ৰহণ কৰে। অনুষ্ঠানত টিংখাং অঞ্চলৰ বিশিষ্ট চিকিৎসক, সাহিত্যিক, নিষ্ঠাবান সমাজকৰ্মী ডা০ অতুল বৰগোহাঁইক টাই আহোম যুৱ পৰিষদৰ জিলা জিলা সমিতিয়ে এখন তাম্ৰপত্ৰ , সম্বৰ্ধনা পত্ৰ, হেংদাং ,তাই আহোমৰ সম্পূৰ্ণ অংগবস্ত্ৰৰে “২০২৪ বৰ্ষৰ মোমাই তামুলী বৰবৰুৱা বঁটা” প্ৰদান কৰে। অনুষ্ঠানত মোমাই তামুলী বঁটা গ্ৰহণ কৰি বিশিষ্ট চিকিৎসক, সমাজহিতৈষী ডা০ অতুল বৰগোহাঁইয়ে স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনৰ এগৰাকী নিষ্ঠাবান ৰাজকীয় বিষয়া কৰ্মদক্ষ ৰাজচৰা বিষয়া মোমাই তামুলী বৰবৰুৱাই নিজৰ মহানুভৱতা কৰ্মৰে দেখুৱাই যোৱা আদৰ্শৰে সদায় জনসেৱাৰ বাবে নিজকে মনোনিৱেশ কৰিবলৈ প্ৰয়াস কৰিব বুলি উল্লেখ কৰে।