ডিব্ৰুগড়ৰ বৰবৰুৱা চাহবাগিচাত গুৱাহাটীৰ জ্ঞান দৰ্শন এডুকেশ্বন ছছাইটিৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা আৰু সজাগতা শিবিৰ সম্পন্ন

ডিব্ৰুগড়ৰ বৰবৰুৱা চাহবাগিচাত গুৱাহাটীৰ জ্ঞান দৰ্শন এডুকেশ্বন ছছাইটিৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা আৰু সজাগতা শিবিৰ সম্পন্ন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ বৰবৰুৱা প্ৰাথমিক বিদ্যালয়ত গুৱাহাটীৰ “জ্ঞান দৰ্শন এডুকেশ্বন ছছাইটিৰ উদ্যোগত আৰু লেপেটকটাৰ বিচিপি এলৰ তত্বাৱধানত , বৰবৰুৱা চাহবাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত বৰবৰুৱা চাহবাগিচাৰ শ্ৰমিক সকলৰ মাজত স্বাস্থ্য পৰীক্ষা আৰু সজাগতা সন্দৰ্ভত এটি শিবিৰ সম্পন্ন হৈ যায়। এই উপলক্ষে “জ্ঞান দৰ্শন এডুকেশ্বন ছছাইটি”ৰ সাধাৰণ সম্পাদিকা অলকা পাটোৱাৰীয়ে অনুষ্ঠানটো আঁত ধৰি স্বাস্থ্যপৰীক্ষা আৰু সজাগতা শিবিৰত চিকিৎসা সেৱা আগবঢ়োৱা অসম চিকিৎসা মহাবিদ্যালয়ৰ কেবাটাও বিভাগৰ চিকিৎসক সকলক আদৰণি জনায়। স্বাস্থ্য পৰীক্ষা আৰু সজাগতা শিবিৰত উপস্থিত বৰবৰুৱা চাহ বাগিচাৰ চাহ শ্ৰমিক সকলক উদ্দেশ্যি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতিৰোগ বিভাগৰ মুৰব্বী চিকিৎসক, সমাজকৰ্মী ডা০ প্ৰেৰণা কিষাণে নিজৰ স্বাস্থ্যৰ প্ৰতি সদায় সজাগ, চাহ শ্ৰমিক মহিলা সকলৰ মাহেকীয়া সমস্যাকে ধৰি বিভিন্ন ৰোগৰ প্ৰতিৰোধৰ আগতীয়াকৈ সতৰ্ক হ’বলৈ আহ্বান জনোৱাৰ উপৰিও শ্ৰমিক সকলক স্বাস্থ্যৰ প্ৰতি যতন, সচেতন, সময়মতে সুষম আহাৰ গ্ৰহণ, সকলো বেমাৰৰ প্ৰতিৰোধৰ বাবে প্ৰতিষেধক লোৱাৰ লগতে শিশু, বৃদ্ধবনিতা সকলৰ স্বাস্থ্যৰ ল’বলগীয়া সাৱধানতা পৰামৰ্শ প্ৰদান কৰে। চিকিৎসা শিবিৰ উপলক্ষে বৰবৰুৱা চাহ বাগিচাৰ শ্ৰমিক সকলক ভিডিঅ প্ৰদৰ্শন কৰিও “জ্ঞান দৰ্শন এডুকেশ্বন ছছাইটি”য়ে স্বাস্থ্যৰ প্ৰতি সচেতনতা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। চিকিৎসা শিবিৰত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি ৰোগ বিভাগৰ ডা০ ৱাৰিচ আহমেদ খান, মেচিডিন বিভাগৰ ডা০ সুগাতা ভট্টাচাৰ্য,ডা০ দীপাংকৰ দাস, চকু বিশেষজ্ঞ ডা০ নুৰ নেহাৰ চুলতানা, প্ৰসূতি বিভাগৰ ডা০ আহিদুৰ ৰহমান ডা০ চাজিৰ খান আৰু বৰবৰুৱা প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ চিকিৎসক সকলে উক্ত শিবিৰত চিকিৎসা সেৱা আৰু স্বাস্থ্য পৰীক্ষা কৰে। উল্লেখযোগ্য যে অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থা তথা লেপেটকটা আঞ্চলিক ক্ৰীড়া সংস্থাৰ সম্পাদক ৰাজেশ বদন নায়ক আৰু লেপেটকটা আঞ্চলিক ক্ৰীড়া সংস্থাৰ কোষাধ্যক্ষ চন্টু মাহালিয়ে চাহবাগিচাৰ শ্ৰমিকৰ স্বাস্থ্য পৰীক্ষা আৰু সজাগতা সৃষ্টি উপলক্ষে বৰবৰুৱা চাহবাগিচাৰ শ্ৰমিক সকলৰ চিকিৎসা শিবিৰ আয়োজনৰ উপৰিও ইতিমধ্যে বলাই চাহ বাগিচাতো চিকিৎসা শিবিৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। আনহাতে জ্ঞান দৰ্শন এডুকেশ্বন ছছাইটিয়ে চাহবাগিচাৰ শ্ৰমিকৰ স্বাস্থ্য পৰীক্ষা আৰু সজাগতা সম্পৰ্কে গ্ৰহণ কৰা পদক্ষেপক চাহ শ্ৰমিক সকলে কৃতজ্ঞতা জ্ঞাপন কৰিছে।