ডিব্ৰুগড়ৰ বিশিষ্ট শিল্পী চৈয়দ চাদুল্লালৈ গণশিল্পী মঘাই ওজা বঁটা:১৯ এপ্ৰিলত বঁটা গ্ৰহণ
এম হাছিম আলী ,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- গণশিল্পী মঘাই ওজা কলাক্ষেত্রই প্ৰতিবছৰে প্ৰদান কৰি অহা গণশিল্পী “মঘাই ওজা বঁটা” এই বছৰ বিশিষ্ট শিল্পী, সুৰকাৰ , গীতিকাৰ তথা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বাদ্যযন্ত্ৰী শিল্পী চৈয়দ চাদুল্লালৈ আগবঢ়োৱা হৈছে। যোৰহাটৰ হাতীগড় নাওশলিয়াত থকা মঘাই ওজা কলাক্ষেত্ৰ সমাজে আয়োজন কৰা গণশিল্পী গৰাকীৰ ৪৫ সংখ্যক মৃত্যু দিৱসত এই বঁটা ঘোষণা কৰা হয়। উল্লেখযোগ্য যে, চৈয়দ চাদুল্লাই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰদ্বাৰা ১৯৭৭ চনতে গণশিল্পীগৰাকীৰ দীঘলীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰি আৰু তেওঁৰ ঢোলবাদন বাণীবদ্ধ কৰি তেওঁৰ স্থিতি যুগমীয়া কৰি ৰাখিছিল।পৰৱৰ্তী সময়ত তেওঁ মঘাই ওজাক লৈ গীত ৰচনা কৰি আকাশবাণীত বাণীবদ্ধ কৰাৰ লগতে গণশিল্পীগৰাকীৰ জীৱন সম্পৰ্কীয় আলেখ্যও ৰচনা কৰিছিল। অহা ১৯ এপ্রিল ২০২৫ ত মঘাই ওজা কলাক্ষেত্ৰত হ’বলগীয়া বিহুসন্মিলনত এই বঁটা প্ৰদান কৰা হ’ব বুলি কলাক্ষেত্র উদ্যক্তা সমাজৰ পৰা জানিব পৰা গৈছে।