ডিব্ৰুগড়ৰ বিশিষ্ট অনাতাঁৰ কন্ঠশিল্পী সুৰেশ হাতীমূৰীয়াৰ গীত মুকলি

ডিব্ৰুগড়ৰ বিশিষ্ট অনাতাঁৰ কন্ঠশিল্পী সুৰেশ হাতীমূৰীয়াৰ গীত মুকলি

 এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- আকাশবাণী ডিব্ৰুগড় কেন্দ্রৰ স্বীকৃত কন্ঠশিল্পী, বিশিষ্ট সমাজকৰ্মী সুৰেশ হাতীমূৰীয়াৰ এটি দেশপ্ৰেমমূলক গীত ‘অ’ মোৰ অসমী আই’ শ্ৰোতাৰ বাবে মুকলি কৰা হয়। এই উপলক্ষে জেউতি মৰল সংঘৰ প্ৰেক্ষাগৃহত বিশিষ্ট সুৰকাৰ,গীতিকাৰ অনাতাঁৰ শিল্পী হীৰেণ গোহাঁইৰ পৌৰোহিত্যত অনুষ্ঠিত এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত গীতটো মুকলি কৰে অনাতাঁৰ কন্ঠশিল্পী ৰাজেন গোহাঁয়ে। শিল্পী বিপুল ফুকনে আঁতধৰা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি উন্মোচিত গীতটোৰ গীতিকাৰ, সুৰকাৰ প্ৰশান্ত কুমাৰ বৰদলৈয়ে গীতটোৰ সুৰৰ আঁৰৰ কথা উল্লেখৰ লগতে নিজৰ সংগীত জীৱনৰ ভিন্ন দিশৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে। জেউতি মৰল সংঘৰ সভাপতি মনোজ বৰুৱাই শলাগ জ্ঞাপন কৰা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাই নিজৰ অনুভৱ ব্যক্ত কৰি ডিব্ৰুগড়ৰ শিল্পী সকলক বছৰটোৰ ছয়টা ঋতুতে ঋতুকালীন সংগীতানুষ্ঠান আয়োজনৰ বাবে আহ্বান জনায়। অনুষ্ঠানত গীতটোৰ অনাতাঁৰ শিল্পী সুৰেশ হাতীমূৰীয়াই কয় যে গীতটো আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত বাণীবদ্ধ হৈছিল যদিও কিবা কাৰণত গীতটো নোহোৱা হৈ যোৱাত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰাহে সংগ্ৰহ কৰি নতুনকৈ বাণীবদ্ধ কৰা বুলি উল্লেখ কৰি এইক্ষেত্ৰত সংগীত ব্যৱস্থাপক পলাশ কাঞ্চনকে ধৰি গীতটোত সহযোগিতা কৰা সংশ্লিষ্ট সকলোৰে শলাগ লয় আৰু শীঘ্ৰেই দুটি গীত মুকলি কৰা হ’ব বুলিও জানিবলৈ দিয়ে। অনুষ্ঠানত চহৰখনৰ কুৰিৰো অধিক শিল্পীৰ লগতে গীতিকাৰ সত্যেন শৰ্মাও উপস্থিত থাকে।