ডিব্ৰুগড়ৰ বিভিন্ন সমস্যা সন্দৰ্ভত পৌৰনিগমৰ মেয়ৰক সাক্ষাৎ ডিব্ৰুগড় নাগৰিক মঞ্চৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় নাগৰিক মঞ্চৰ বিষয়ববীয়াই ৯ আগষ্টত ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ডা০ সৈকত পাত্ৰক তেখেতৰ কাৰ্যালয়ত এক সৌজন্যমূলক সাক্ষাৎ কৰে। নাগৰিক মঞ্চৰ সভানেত্ৰী ড০ ভাৰতী দত্তই এখন ফুলাম গামোছা আৰু এখনি গ্ৰন্থৰে তেখেতক সম্বৰ্ধনা জনায়। সাক্ষাৎকাৰৰ সময়ছোৱাত ডিব্ৰুগড় চহৰৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ লগতে কিছু পৰামৰ্শও আগবঢ়ায়। সভানেত্ৰী ড০ দত্তই বিশেষকৈ ডিব্ৰুগড়ৰ কৃত্ৰিম বান,যানযঁটৰ সমস্যা,পাৰ্কিং ব্যৱস্থা,পদপথৰ অস্থায়ী দোকান উচ্ছেদ কৰা আৰু সামগ্ৰীকভাৱে চহৰখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশ সম্পৰ্কত আলোচনা কৰে। চহৰৰ পথবোৰত জেব্ৰা ক্ৰছিং দিয়াৰ লগতে ৰাস্তাৰ কাষৰ বজাৰ উঠাই নিৰ্দিষ্ট ঠাইত স্থানীয় উৎপাদিত সামগ্ৰী বিক্ৰী সুনিশ্চিত কৰিব পৰাকৈ ব্যৱস্থা কৰিবলৈ মেয়ৰক অনুৰোধ জনায়। কিছু সংখ্যক ঠাইত ডাষ্টবিনৰ ব্যৱস্থা কৰাৰো অনুৰোধ জনোৱা হয়। সাক্ষাৎকাৰাৰ সময়ত পৌৰ নিগমৰ কাৰ্যবাহী অভিযন্তাগৰাকীও উপস্থিত থাকি আলোচনাত অংশ গ্ৰহণ কৰে আৰু নলা-নৰ্দমা নিৰ্মাণৰ বিজ্ঞান ভিত্তিক দিশৰ স্পষ্ট ধাৰণা আগবঢ়ায়। বিভিন্ন বিভাগৰ সময়ন্বৰ প্ৰয়োজনীয়তাৰ কথা কয়। মঞ্চৰ বিষয়ববীয়া তাৰিক ৰহমানে কৃত্ৰিম বানৰ সমস্যা সন্দৰ্ভত বিশেষভাৱে গূৰুত্ব দিয়াৰ লগতে বিজ্ঞানসন্মতভাৱে নলা নৰ্দমা নিৰ্মাণৰ প্ৰসংগও উত্থাপন কৰে। মেয়ৰ ডা০ পাত্ৰই তেখেতৰ পৰিকল্পনা সন্দৰ্ভত কিছু কথা কোৱাৰ লগতে নলা খন্দাত গুৰুত্ব দিব বুলি কয়। প্ৰায় ৪৫ মিনিটযোৰা আলোচনাত মেয়ৰ ডা০ চৈকত পাত্ৰৰ ধনাত্মক সঁহাৰিয়ে সকলোকে সন্তুষ্টি প্ৰদান কৰে।