ডিব্ৰুগড়ৰ নগৰ পৰিকল্পনা বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া আকবৰ আলিৰ মৃত্যু

ডিব্ৰুগড়ৰ নগৰ পৰিকল্পনা বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া আকবৰ আলিৰ মৃত্যু

এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ পল্টন বজাৰ নিবাসী তথা পল্টন বজাৰত থকা “আছমিনা “পেট্ৰল ডিপ’ৰ স্বত্বাধিকাৰী আলহজ্ব আকবৰ আলিৰ বাৰ্ধক্যজনিত কাৰণত আজি পুৱতি নিশা ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৪০ চনৰ ১৬ জুনত ডিব্ৰুগড়ত জন্ম গ্ৰহণ কৰা আকবৰ আলিয়ে ডিব্ৰুগড় নগৰ পৰিকল্পনা গৱেষণা বিভাগৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি দুহেজাৰ চনত সেই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ পৰিবাৰৰ সৈতে ২০০২ চনত পৱিত্ৰ মক্কা মদিনালৈ গৈ হজ্বব্ৰত সম্পন্ন কৰি আহে। এগৰাকী সহজ-সৰল, ধৰ্মপ্ৰাণ তথা সমাজসেৱক হিচাপে পৰিচিত আলিৰ মৃত্যুৰ খবৰে অঞ্চলটোত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেওঁৰ পৰিবাৰ, এজন পুত্ৰ,এগৰাকী কন্যা আৰু জোঁৱাইৰ লগতে দুই নাতিসহ পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। স্থানীয় নালিয়াপুল কবৰস্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত আলিৰ জানাজা সম্পন্ন কৰা হয়।