ডিব্ৰুগড়ৰ ধেমেচী কলালো কোচ গাঁৱত দিহানাম-সুৰ-তাল-মান আৰু শব্দ প্ৰকাশৰ প্ৰতিযোগিতা
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ কোচ ৰাজবংশী ডিব্ৰুগড় জিলা আক্ৰাচু আৰু খোৱাং আঞ্চলিকৰ সৌজন্যত ডিব্ৰুগড় জিলাৰ সীমামূৰীয়া অঞ্চল ধেমেচী কলালোৰ কোচ গাঁৱৰ ৰাসমঞ্চত ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ আন্ত:গাওঁ সমূহৰ ভিত্তিত দিহানাম, সুৰ, তাল-মান আৰু শব্দ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। মানৱ জীৱন পৰিচালনা আৰু ইয়াৰ গতি নিৰূপণ কৰিবলৈ প্ৰকৃত নিৰ্দেশনাসূচক আধ্যাত্মিক ভাৱ সংপৃক্ত দেহতত্ব আত্মতত্বৰ নাম হৈছে দিহানাম। অহা ইং ৩১ মাৰ্চ ২০২৪ দেওবাৰে দিহানামৰ সুৰ, তাল-মান আৰু শব্দ প্ৰকাশৰ প্ৰতিযোগিতা এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাৰ্যসূচী অনুসৰি পুৱাই পৰিৱেশ নিকাকৰণৰ পাছতে ডিব্ৰুগড় জিলা আক্ৰাচুৰ সভাপতি দিগন্ত শইকীয়াই ধৰ্মধ্বজা উত্তোলন কৰিব, আৰু বৃক্ষ ৰোপণ কৰিব অৱসৰপ্ৰাপ্ত শিক্ষক ত্ৰিলোচন দত্তই। স্মৃতি তৰ্পণৰ কৰিব ডিব্ৰুগড় জিলাৰ আক্ৰাচুৰ সম্পাদক প্ৰাঞ্জল দত্ত আৰু বন্তি প্ৰজ্বলন কৰিব কলালোৰ কোচ গাঁৱৰ নামঘৰীয়া দুলাল বড়াই। আনহাতে পুৰুষ-মহিলা, কিশোৰ- কিশোৰীৰ বৌদ্ধিক, মানসিক, সামাজিক তথা সাংস্কৃতিক প্রতিভা বিকাশ কৰি ন-শিকাৰুসকলে যাতে শুদ্ধৰূপে আঁকোৱালি ল’ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এখনি দিহানামৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা বিজয়ী প্ৰতিযোগী সকলক প্ৰথম পুৰস্কাৰ হিচাপে ১৫,০০০/ টকা দ্বিতীয় পুৰস্কাৰ ১২,০০০/ টকা তৃতীয় পুৰস্কাৰ ১০,০০০/টকা চতুৰ্থ পুৰস্কাৰ ৬,০০০/টকা পঞ্চম পুৰস্কাৰ ৩,০০০/টকা ষষ্ঠ পুৰস্কাৰ ৩,০০০ টকা সপ্তম পুৰস্কাৰ ৩,০০০/টকা আৰু অষ্টম পুৰস্কাৰ হিচাপে ৩,০০০/টকা লগতে অন্যান পুৰস্কাৰ প্ৰদানৰ সিদ্ধান্ত কৰিছে উদ্যোক্তা সকলে। আনহাতে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি কোচ ৰাজবংশী খোৱাং আঞ্চলিক সমিতিৰ কাৰ্যলয়ৰ শুভ উদ্বোধন কৰা হʼব । উদ্যোক্তাসকলে অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে।