ডিব্ৰুগড়ৰ ডি. এইচ. এছ. কানৈ মহাবিদ্যালয়ক ‘চেণ্টাৰ অৱ এক্সেলেঞ্চ’ ঘোষণা ৰাষ্ট্ৰসংঘৰ
এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- পৃথিবীৰ সকলো দেশৰে উমৈহতীয়া শক্তিশালী সংগঠন ৰাষ্ট্ৰসংঘৰ স্বীকৃতিপ্রাপ্ত উত্তৰ-পূবৰ সম্পদ কেন্দ্রৰ উদ্যোগত নাকৰ দ্বাৰা ‘এ’ গ্রেড প্রাপ্ত, ৭৮ বছৰ গৰকা অসমৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয় “ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়”ক ‘চেপ্টাৰ অৱ এক্সেলেঞ্চ’ হিচাপে ঘোষণা কৰাৰ পদক্ষেপ গ্রহণ কৰিছে। ৰাষ্ট্ৰসংঘই গ্রহণ কৰা এই পদক্ষেপসমূহক কার্যকৰী কৰাৰ ক্ষেত্রত মহাবিদ্যালয়খনে পালন কৰা গুৰত্বপূৰ্ণ ভূমিকাৰ প্রতি লক্ষ্য ৰাখি মহাবিদ্যালয়খনক এনে সম্মান দিয়া হৈছে বুলি জানিব পৰা গৈছে। কানৈ মহাবিদ্যালয়ত ৬ এপ্রিলত অনুষ্ঠিত হ’ব লগা এখন গুৰত্বপূৰ্ণ সভাত ৰাষ্ট্ৰসংঘৰ অনুমোদন প্রাপ্ত ইউনেস্ক’ এছ’চিয়েচনৰ সম্পাদক প্রধান, ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূবৰ সম্পদ কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালক, ৰাষ্ট্ৰসংঘৰ অধ্যয়ন প্ৰতিষ্ঠানৰ আঞ্চলিক সম্পাদক, ইউনাইটেড নেচনচ এছচিয়েচনৰ অসমৰ সম্পাদক ড০ অশ্বিনী শর্মাই মহাবিদ্যালয়খনক “চেপ্টাৰ অৱ এক্সেলেঞ্চ”ৰ প্রমাণ পত্র প্রদান কৰিব। উল্লেখ্য যে, ২০১১ চনৰ ২৪ নবেম্বৰত ভাৰত আৰু ভূটানৰ দায়িত্বত থকা ৰাষ্ট্ৰসংঘৰ তথ্য কেন্দ্রল ভাৰপ্ৰাপ্ত সঞ্চালক বাজীৰ চন্দ্রনে গুৱাহাটীব সম্পদ কেন্দ্রটো ২০১২ চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হ’ব বুলি গুৱাহাটীলৈ আহি ঘোষণা কৰি যোৱাৰ পিছত ২০১২ চনৰ ৩ জানুৱাৰীত তদানীন্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে ৰাষ্ট্ৰসংঘৰ অধীনৰ উত্তৰ-পূবৰ এই সম্পদ কেন্দ্রটো গুৱাহাটীত মুকলি কৰিছিল। পৰৱৰ্তী সময়ত অর্থাৎ ২০১৩ চনত তদানীন্তন শিক্ষামন্ত্রী তথা বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইনষ্টিটিউট অব ইউ এন স্টাডিচ অসম শাখা মুকলি কৰিছিল। মেঘালয়ৰ মুখ্যমন্ত্রী মুকুল চাংমায়ে ২০১৩ চনত ইউনেস্ক’ এছাচিয়েচনৰ গুৱাহাটী শাখাটো পৰিদৰ্শন কৰি ভূয়সী প্রশংসা কৰিছিল। বর্তমানৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ২০১৬ চনত গুৱাহাটী ইউনেস্ক’ এছ’চিয়েচনৰ কার্যালয় ভ্রমণ কৰি কার্যালয়টোৰে ৰাষ্ট্ৰসংঘৰ লক্ষ্য, উদ্দেশ্যৰ ক্ষেত্রত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা কার্যক প্রশংসা কৰিছিল। ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূবৰ এই সম্পদ কেন্দ্রটোৱে কানৈ মহাবিদ্যালয়ক ‘চেপ্টাৰ অৱ এক্সেলেঞ্চ’ ঘোষণা কৰাৰ ফলত মহাবিদ্যালয়খনে ‘গ্রন্থাগাৰ সম্পদ কেন্দ্র’ প্রতিষ্ঠা, মহাবিদ্যালয়খনৰ আজীৱন সদস্যৰ পদ গ্রহণ কৰাসকলে ৰাষ্ট্ৰসংঘ, ইউনেস্ক’কে ধৰি পৃথিবীৰ সকলো দেশৰে উমৈহতীয়া প্রচেষ্টাত গঢ়ি উঠা সংগঠনসমূহে বিশ্বৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰা আলোচনাচক্র, কর্মশালা, বক্তৃতা ইত্যাদিত অংশ লোৱাত সহজ হৈ পৰিব। ইয়াৰোপৰি শিক্ষার্থীসকলে ৰাষ্ট্ৰসংঘৰ সম্পদকেন্দ্ৰটোৰ অধীনত অনলাইন পাঠ্যক্রম গ্রহণ কৰাত সুযোগ লাভ কৰিব।ৰাষ্ট্ৰসংঘ, ইউনেস্ক’ আদি সংগঠনসমূহে সময়ে সময়ে প্রদান কৰা বিভিন্ন সা-সুবিধা, আলোচনী আদিৰো সুবিধা পাব মহাবিদ্যালয়খনৰ অধ্যাপক-কর্মচাৰী, শিক্ষার্থীসকলে। ঐতিহ্যপূর্ণ মহাবিদ্যালয়খনক ‘চেপ্টাৰ অব এক্সেলেঞ্চ’ ঘোষণাৰ বাবে নির্বাচন কৰাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই ৰাষ্ট্ৰসংঘৰ আৰু ইউনেস্ক’ৰ বহুকেইটা দায়িত্বত থকা ড° অশ্বিনী শর্মাক ধন্যবাদ জ্ঞাপন কৰে।