ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ সেউজীয়া বাকৰিত উমাল এসন্ধ্যা :অসমৰ ভাষা-সংস্কৃতি, পৰম্পৰা, উৎসৱ পাহৰিলে নহ’ব- প্ৰৱাসী অসমীয়া নিৰলা বৰুৱা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ১৩ জানুৱাৰীত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত অনুষ্ঠিত হয় এক উমাল সন্ধিয়া। এই অনুষ্ঠানত প্ৰবাসী ভাৰতীয় নিৰ্মলা বৰুৱাই কয় যে-অসমৰ ভাষা-সংস্কৃতি, পৰম্পৰা, উৎসৱ পাহৰিলে নহ’ব। জাতিক সচেতন, সজাগ আৰু সক্ৰি সক্ৰিয় কৰি তুলিবলৈকে ভাষা-সংস্কৃতি, পৰম্পৰাক গুৰুত্ব দিব লাগিব। অসম আৰু অসমীয়াক জীয়াই ৰাখিবলৈ ভাষা-সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিব লাগিব। নতুন প্রজন্মক ভাষা-সংস্কৃতিক শ্রদ্ধা জনাবলৈ পৰিৱেশ ৰচনা কৰিব লাগিব। সুদূৰ স্কটলেণ্ডত বিগত পঞ্চাশ বছৰে বসবাস কৰিও অসমৰ ভাষা-সংস্কৃতিৰ হকে নিৰন্তৰে সেৱা কৰি যোৱা প্ৰৱাসী অসমীয়া, স্নেহবন্ধনৰ উপ-সভাপতি,অসম সাহিত্য সভাৰ যুক্তৰাষ্ট্ৰ শাখাৰ উপ-সভাপতি, স্কটলেণ্ডত বিশেষভাৱে সন্মানীত শিক্ষয়িত্রী নিৰলা বৰুৱাই ডিব্ৰুগড়ত পদাৰ্পন কৰে। ঐতিহ্যপূর্ণ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ চৌহদৰ সেউজীয়া বাকৰিত মাঘ বিহু উপলক্ষে অনুষ্ঠিত হোৱা বাৰে- ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিৰলা বৰুৱাই কয়— দীৰ্ঘদিনৰ পৰা কানৈ মহাবিদ্যালয় চোৱাৰ হেঁপাহ আছিল। সেই হেঁপাহ পূৰ্ণ কৰিবলৈকে মহাবিদ্যালয়খনত আহি এক অনাবিল আনন্দ লাভ কৰা বুলি উল্লেখ কৰি তেওঁ আৰু কয়— মহাবিদ্যালয়খনে নিয়মীয়া পাঠ্যক্ৰমৰ উপৰিও নতুন প্ৰজন্মক ভাষা-সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ব্যতিক্রমী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ই স্বাভাৱিকতে প্ৰশংসাৰ যোগ্য বুলি উল্লেখ কৰি কয় – এনে এক সুন্দৰ অনুষ্ঠানত স্কটলেণ্ডৰপৰা পোনে পোনে ডিব্ৰুগড়ত উপস্থিত হৈ ভাগ ল’বলৈ পাই নিজকে ধন্য মনিছে। কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াৰ এনে প্ৰচেষ্টাক ভূয়সী প্রশংসা কৰি কয় – কণ কণ শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে সমৱেত কৰি মাঘ বিহুৰ পৰম্পৰা ৰক্ষা কৰাত আগভাগ লৈছে। ই এক প্ৰতিভা বিকাশৰ মঞ্চ বুলি উল্লেখ কৰি তেওঁ কয় – এনেদৰে সকলোৱে সমৱেত হৈ ঐক্যবদ্ধভাৱে ভাষা-সংস্কৃতিৰ হৈ কাম কৰি গ’লে অসমীয়াৰ পৰম্পৰা, উৎসৱ কেতিয়াও লুপ্ত নহয়। উল্লেখ্য যে কানৈ মহাবিদ্যালয় ছাত্রএকতা সভা, ডিব্ৰুগড় জিলা মইনা পাৰিজাত, চাবুৱাৰ কালাৰ্চ ইনষ্টিটিউট আৰু ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ সংগীত বিদ্যালয়ৰ উদ্যোগত ১২ জানুৱাৰীৰ সন্ধ্যা ৫ বজাৰ পৰা এনে বাৰেৰহণীয়া সাংস্কৃতিক কার্যসূচী অনুষ্ঠিত হয়। কেইবা শতাধিক কণ কণ শিশু, মইনা,যুৱক-যুৱতী আৰু বৃদ্ধসকলেও ভাগ লোৱা অনুষ্ঠানটো উদ্বোধন কৰে ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ উপ-সভাপতি হিৰণ্য সেনাপতিয়ে। অধ্যক্ষ ড° শশীকান্ত শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক চিন্ময় কলিতাই। আবৃতা লিজা পাঠকে আঁত ধৰা অনুষ্ঠানটোত কালাৰ্চ ইনষ্টিটিউটৰ তৰফৰ পৰা পিংকী সোনোৱাল, ধৰিত্ৰী দিহিঙ্গীয়া, কুঁৱলী লেখাৰু শইকীয়াৰ বিহু প্ৰদৰ্শন, অংকুৰণ, মিলিজুলি মইনা পাৰিজাতৰ মইনা সকলৰদ্বাৰা বিহু প্রদর্শন, ব্রহ্মপুত্র সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা বিহু প্ৰদৰ্শন, কানৈ মহাবিদ্যালয় ছাত্র একতা সভাৰ সংগীত সম্পাদক ভূৱন পেগুৰ গীত পৰিৱেশন, নৱনিতা কলিতাৰ বিহু নৃত্য পৰিৱেশন, ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ সাংস্কৃতিক সম্পাদক ৰাজীৱ ফুকনৰ সুন্দৰ ঢোল বাদনেৰে কাৰ্যসূচী অধিক মননশীল কৰি তোলা অনুষ্ঠানত ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ সম্পাদক মামনি শর্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি এনে অনুষ্ঠানে উঠি অহা প্ৰজন্মক অনুপ্ৰাণিত কৰে বুলি কয়। চাবুৱা কালাৰ্চ ইনষ্টিটিউটৰ পৰিচালন সঞ্চালক অমল শইকীয়া, ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্রী,ৰাজ্যিক কৃতী শিক্ষয়িত্রী, প্রাক্তন কানৈয়ান, জনপ্রিয় সংগীত শিল্পী বিউটি লেখাৰু শইকীয়াই নতুন প্ৰজন্মৰ বাবে সকলোৱে এনেদৰে কাম কৰি যোৱা উচিত বুলি কয়। একেটা অনুষ্ঠানতে নাট্য শিল্পী, প্রশিক্ষক নলবাৰীৰ কৰণ দাসকো উদ্যোক্তা সকলেএখন ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী, নৃত্য বিষাৰদ চন্দন কলিতা, সাহিত্যিক দীপিকা গগৈ, পাপৰী গগৈ, দীপিকা বৰাকে প্ৰমুখ্য কৰি কানৈ মহাবিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপক-অধ্যাপিকা আৰু অনেক গন্যমান্য ব্যক্তি উপস্থিত থাকে।