ডিব্ৰুগড়ৰ আউনীআটী বিদ্যা নিকেতনৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ আউনীআটী বিদ্যা নিকেতনৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। শিক্ষয়িত্ৰী কৰবী গগৈয়ে আঁত ধৰা এই অনুষ্ঠানৰ শুভাৰম্ভণিতে যোগব্ৰত বৰকাকতিয়ে পৰিৱেশন কৰে এটি বৰগীতেৰে৷ অনুষ্ঠানত সভাপতিত্ব কৰি মহাপুৰুষ জনাই সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়াই যোৱা অৱদান সম্পৰ্কে বক্তব্য প্ৰদান কৰে আউনীআটী বিদ্যা নিকেতনৰ উপসভাপতি অশোক কুমাৰ দাসে৷ মহাপুৰুষজনাৰ আদৰ্শ তথা দৰ্শন সাম্প্ৰতিক সময়তো কিমান প্ৰাসংগিক সেই সম্পৰ্কে আলোকপাত কৰি গুৰুজনাক ‘সমাজ শিক্ষক’ ৰূপে আজিৰ সময়ত অধ্যয়ন কৰাৰ প্ৰয়োজন সম্পৰ্কে যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় আউনীআটী বিদ্যা নিকেতনৰ সচিব,সু লেখক সুমন দত্তই, তাৰোপৰি গুৰুজনাই অসম আৰু অসমীয়াক একোটাৰ ডোলেৰে বান্ধি ৰখাৰ যি আপ্ৰাণ চেষ্টা কৰিছিল সেই বিষয়ে দৃষ্টিপাত কৰি বক্তৃতা আগবঢ়ায় অধ্যক্ষা মণিকা কলিতাই। শ্ৰীমন্ত শংকৰদেৱৰ জীৱন, কৰ্ম, সাহিত্য আৰু সংস্কৃতিলৈ আগবঢ়োৱা অৱদান, সমাজ জীৱনত গুৰুজনাৰ প্ৰভাৱ ইত্যাদি সম্পৰ্কে মূল বক্তৃতা প্ৰদান কৰে আউনীআটী বিদ্যা নিকেতনৰ শিক্ষয়িত্ৰী টুটুমণি সোনোৱালে। আউনীআটী বিদ্যা নিকেতনৰ ছাত্ৰ সৌৰভ দেউৰী, ছাত্ৰী মেঘাবিনী ভৰালীয়েও শংকৰদেৱৰ বিষয়ে বক্তৃতা প্ৰদান কৰে। বিদ্যালয়ৰ শিক্ষক নীলমণি কটকীৰ পৰিচালনাত ছাত্ৰ ছাত্ৰী সকলে ঘোষা, দিহানাম, মাটি আখৰা, গুৰু বন্দনা, কৃষ্ণ নৃত্য আদি পৰিৱেশনেৰে গুৰুজনাৰ অমৰ সৃষ্টিৰাজিক সকলোৰে সন্মুখত তুলি ধৰাৰ লগতে গুৰুজনালৈ শ্ৰদ্ধা নিবেদন কৰে৷ উল্লেখ্যযোগ্য যে শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে আয়োজিত ৰচনা প্ৰতিযোগিতাৰ বঁটা বিতৰণো এই অনুষ্ঠানতেই কৰা হয়। অনুষ্ঠানটিত উপস্থিত থাকে বিদ্যালয়খনৰ পৰামৰ্শদাতা তথা বিশিষ্ট সমাজকৰ্মী মৌচুমী বাগচী, সক্ৰিয় সদস্য শান্তনু শৰ্মা, আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহৰ পৰিচালক ভৱেন সোনোৱাল, বিদ্যালয়ৰ অধ্যক্ষ মণিকা কলিতা ঠাকুৰীয়া প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকল৷