ডিব্ৰুগড়ৰ অৰ্ণৱ সূত্ৰধৰ ‘কৌন বনেগা কৌৰপতি’ গ্ৰাউণ্ড অডিচনলৈ নিৰ্বাচিত
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ চৌকিডিঙ্গীস্থিত অৰ্ণৱ সূত্ৰধৰ ভাৰতৰ অভিনয় জগতৰ পুৰোধা তথা জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনৰ দ্বাৰা পৰিচালিত ছনী টিভিৰ জনপ্ৰিয় ৰীয়েলিটি শ্ব’ৰ “কৌন বনেগা কৌৰপতি”ৰ অডিচনত অৱতীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িযাই আনিবলৈ সক্ষম হৈছে। ডিব্ৰুগড়ৰ ডনবস্ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ অৰ্ণবে মেগাস্টাৰ অমিতাভ বচ্চন দ্বাৰা পৰিচালিত ছনী টিভিৰ সদ্য সমাপ্ত কোন বনেকা কৌৰৌপতিৰ জুনিয়ৰ শাখাত যোৱা ২৮ ছেপ্টেম্বৰ তাৰিখে মুম্বাইৰ পাৱাৰ পাব্লিক বিদ্যালয়ত অনুষ্ঠিত হোৱা অডিছন ৰাউণ্ডত অৱতীৰ্ণ হৈছিল। এই অডিশ্যনত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫৪০ জনে পঞ্জীয়ন কৰিছিল আৰু ইয়াৰে ১৪০ জনক এই অডিছনত অৱতীৰ্ণ হবলৈ নিমন্ত্ৰন জনাইছিল । উল্লেখযোগ্য যে ১৪০ গৰাকী প্ৰতিযোগীৰ ভিতৰত দুটা খণ্ডৰ বাবে ইয়াৰ মাত্ৰ ৩০ গৰাকীকহে বাচনি কৰা হৈছে। স্মন্তব্য যে যদি অৰ্ণৱ সূত্ৰধৰ এই ৰাউণ্ডত নিৰ্বাচিত হয় তেনেহ’লে তেওঁ হ’ব অসমৰ প্ৰথম গৰাকী কৌন বনেগা কৌৰপতিৰ জুনিয়ৰ প্ৰতিযোগী। অৰ্ণৱ সূত্ৰধৰ আকাশবাণী গুৱহাটী কেন্দ্রৰ অনুষ্ঠান মূৰব্বী কাৰ্তিক সূত্ৰধৰ আৰু অনিতা সূত্ৰধৰৰ দ্বিতীয় পুত্ৰ। ডিব্ৰুগড়বাসীয়ে অৰ্ণৱৰ এই যাত্ৰা সফল হৈ জিলাখনৰ লগতে ৰাজ্যখনলৈ যাতে গৌৰব কঢ়িয়াই আনিব পাৰে তাৰ বাবে শুভাকাংক্ষী সকলে অভিনন্দন আৰু শুভেচ্ছা জনাইছে।