ডিব্ৰুগড়ত ৰেডিঅ’ জ্ঞানমালিনীৰ উদ্যোগত আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ উদ্যোগত চকু পৰীক্ষা শিবিৰ সম্পন্ন

ডিব্ৰুগড়ত ৰেডিঅ’ জ্ঞানমালিনীৰ উদ্যোগত আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ উদ্যোগত চকু পৰীক্ষা শিবিৰ সম্পন্ন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সামূহিক অনাতাঁৰ সেৱা ৰেডিঅ’ জ্ঞানমালিনীয়ে অহা ৭ ফেব্ৰুৱাৰীত সম্পূৰ্ণ কৰিব প্ৰতিষ্ঠাৰ ষষ্ঠটো বৰ্ষ। এই সুদীৰ্ঘ সময়ছোৱাত ৰেডিঅ’ জ্ঞান মালিনীয়ে ৰাইজৰ  মাজত অনুষ্ঠিত কৰি আহিছে বিভিন্ন  সেৱাৰ কাৰ্যসূচী। এই কাৰ্যসূচী সমূহৰ অন্তৰ্গত প্ৰতিষ্ঠা দিৱস উপলক্ষে স্থানীয় বিনৈগুটিয়া গাঁৱত আজি(৩১জানুৱাৰী )বৰবৰুৱা ঘূৰণীয়া অঞ্চলৰ বিনৈগুটীয়া গাঁৱৰ ‘সূৰ্য্যোদয় সংঘ’ প্ৰাংগনত অসম চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত  এটি এদিনীয়া বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আয়োজন কৰে ৷ এই শিবিৰত গাওঁ খনৰ প্ৰায় সত্তৰ গৰাকী ৰাইজে সেৱা গ্ৰহণ কৰি উপকৃত হোৱাৰ লগতে বিনামূলীয়া ঔষধ আৰু চচমা লাভ কৰে আৰু বিভাগটোৱে চকুত চানি পৰা সকলক বিনামূলীয়া অষ্টোপচাৰৰ বাবেলৈ গৈ কৰি দিয়াৰ ব্যৱস্থা কৰে। জ্ঞানমালিনী  অনুষ্ঠানৰ কাৰ্যবাহী স্বপ্নালী ভূঞাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানটিত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিক্ৰমা গুৰু গণিত বিভাগৰ প্ৰাধ্যাপক সুৰজিত বৰকটকী ,বিশ্ববিদ্যালয়ৰ ক্ৰীড়া বিষয়া দীপজ্যোতি গগৈ ,ৰেডিঅ’ জ্ঞানমালিনীৰ সঞ্চালক জিতু ৰঞ্জন চেতিয়া লগতে ৰেডিঅ’ জ্ঞানমালিনীৰ কৰ্মকতা উদীপনা শইকীয়া আৰু কংকনা গগৈ ৷ অনুষ্ঠানটি উদ্বোধন কৰি ছাত্ৰ পৰিক্ৰমা গুৰু প্ৰাধাপক সুৰজিত বৰকটকীয়ে কয় যে এনে সেৱাই ৰাইজক সদায়ে উপকৃত কৰে৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ চকুৰোগ বিভাগৰ মুৰব্বী  অধ্যাপক ডাঃ তপন গগৈ আৰু অধ্যাপক ডা° ৰাজীৱ কুমাৰ দাসৰ উদ্যোগত অনুষ্ঠিত হোৱা এই শিবিৰত উপস্থিত থাকি ৰাইজক সেৱা প্ৰদান কৰে  ড° কিৰন বৰা,ড° বিনিতা য়াদৱ, ড° যেচিম আহমেদ আৰু অভিজিত সোনোৱালে৷ গাওঁৰ ৰাইজে জ্ঞানমালিনীৰ এই পদক্ষেপক শলাগ লয় লগতে বিভিন্ন অসুবিধাৰ বাবে চকুজুৰি দেখুৱাব নোৱাৰা গাঁৱৰ ৰাইজে ওচৰতে এনে সেৱা লাভ কৰি সন্তোষ প্ৰকাশ কৰে।উল্লেখযোগ্য যে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই গাঁৱতে গাঁৱৰ মহিলা আৰু শিক্ষাৰ্থী সকল উপকৃত হোৱাকৈ বহুকেইটা প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰে ৰেডিঅ’ জ্ঞানমালিনীয়ে । আটাইকেইটা কাৰ্যসূচীত ৰাইজৰ বিপুল সহাঁৰি আৰু সহযোগিতা পৰিলক্ষিত হয়।