ডিব্ৰুগড়ত ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন, মুখ্য সচিব ড০ ৰবি কোটাৰ উপস্থিতিত “মিছন বসুন্ধৰা ৩.০ বৃদ্ধিৰ কৰ্মশালা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আৰু পাহাৰীয়া অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন মহন, অসম চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাৰ উপস্থিতিত মিছন বসুন্ধৰা ৩.০ ৰ ওপৰত সামৰ্থ বৃদ্ধিৰ মাণ্ডলিক পৰ্যায়ৰ এখনি কৰ্মশালা ডিব্ৰুগড়স্থিত “মুখ্যমন্ত্ৰীৰ সচিবালয়”ৰ সভাকক্ষত অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত সভাত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠি, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব ড০ অনন্ত লাল জ্ঞানী, সচিব গীতাঞ্জলী ভট্টাচাৰ্য্য, ভূমি ৰেকৰ্ড আৰু জৰীপ আদিৰ সহকাৰী সঞ্চালক নৱজিৎ পাথক, ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী প্ৰমূখ্যে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লক্ষীমপুৰ, ধেমাজী, শিৱসাগৰ, যোৰহাট, গোলাঘাট, চৰাইদেউ আৰু মাজুলী জিলাৰ ৰাজহ বিভাগৰ অতিৰিক্ত জিলা আয়ুক্তসকল লগতে ৰাজহ চক্ৰ বিষয়াসকলো উপস্থিত থাকে। মন্ত্ৰী যোগেন মোহনে উপস্থিত বিষয়াসকলক উদ্দেশ্যী কয় যে, মিছন বসুন্ধৰাৰ প্ৰথম আৰু দ্বিতীয় সংস্কৰণৰ সফলতাৰ পাছত ২০ অক্টোবৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰা মিছন বসুন্ধৰা ৩.০ জনসাধাৰণৰ বাবে যথেষ্ঠ ফলপ্ৰসূ পৰিগণিত হ’ব। আনহাতে, পূৰ্বৰ দৰেই ৰাইজে মিছন বসুন্ধৰা ৩.০ ৰ জৰিয়তে কোনো অসুবিধাৰ সন্মোক্ষীন নোহোৱাকৈ নিজৰ ভূমি সংক্ৰান্তিয় সকলো কামকাজ সহজতেই সম্পন্ন কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে। এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ লগতে প্ৰতিটো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকলক মিছন বসুন্ধৰা ৩.০ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে যাৱতীয় পদক্ষেপ লবলৈও মন্ত্ৰী যোগেন মহনে আহ্বান জনায়। কাৰ্যসূচীত “মিছন বসুন্ধৰা ৩.০”ৰ অন্তর্গত বিভিন্ন সেৱাৰ বিষয়ে পাৱাৰ পইন্ট প্ৰেজেনটেচনৰ জৰিয়তে বিতংভাৱে আলোচনা কৰাৰ লগতে ৰাজহ চক্ৰ বিষয়াসকলক ক্ষেত্র পৰ্য্যায়ত গৈ সেৱা আগবঢ়াবলৈ আহ্বান জনোৱা হয়। যাতে সৰ্বাধিক লোকে এই জনকল্যাণকামী কাৰ্যসূচীৰ দ্বাৰা লাভান্বিত হব পাৰে। সভাত উজনি অসমৰ নখন জিলাৰ ভূমি প্ৰশাসনৰ অমীমাংসিত বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে বিভিন্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান যেনে অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেচন লিমিটেড, ক’ল ইণ্ডিয়া, ভাৰতীয় তেল নিগম আদিৰ সৈতে জড়িত ভূমি সমস্যা, অন্যান্য কেন্দ্ৰীয় খণ্ড আৰু ৰাজ্যিক খণ্ডৰ ভূমি অধিগ্ৰহণৰ সমস্যা তথা ৰাষ্ট্ৰীয় ঘাইপথ, ৰিং ৰোড আৰু অসম মালাৰ লগত জড়িত ভূমি অধিগ্রহণ সম্পৰ্কীয় বিষয়ৰ ওপৰতো বিতংভাবে আলোচনা কৰা হয়।