ডিব্ৰুগড়ত ৰাইজৰ দলত বৃহৎ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ অখিল গগৈৰ
এম্ হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- কিছুদিনৰ আগতে ৰাইজৰ দলত যোগদান কৰা ডা: ৰিক্তম বৰগোহাঁইৰ নেতৃত্বত ডিব্ৰুগড়ত ৰাইজৰ দলৰ বৃহত যোগদান কাৰ্যসূচী আৰু দলীয় সভা অনুষ্ঠিত। অনুষ্ঠানত অংশগ্ৰহণ কৰে দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। বৃহত বাইক ৰেলী কৰি ডিব্ৰুগড় চহৰৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত উপস্থিত হয় অখিল গগৈ।মন্ত্ৰী সকলে মিডিয়াৰ আগত ৰাজনৈতিক মুখ নুখুলিবলৈ মুখ্যমন্ত্ৰীয়ে নিদেৰ্শ দিয়াৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈ।কংগ্ৰেছৰ ‘ৰাজভৱন চলোঁ’ শীৰ্ষক প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত কান্দুৱা গেছ নিক্ষেপ কৰাত মৃত্যু হোৱা কংগ্ৰেছ নেতা মৃদুল ইছলামৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়াক অখিল গগৈয়ে। বিৰোধী দলৰ একত্ৰিকৰণক লৈ ডিব্ৰুগড়ত অখিলৰ মন্তব্য- ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যদি একলগ হয়, উজনি অসমত ধুমুহাৰ সৃষ্টিহৈ যাব। মই নিজেই লুৰিণজ্যোতি গগৈক সভাপতি পাতি দিছিলো,পৃথিৱীত কোনোবা লিডাৰে এনে কৰে নেকি, যি নিজে সদস্য হৈ আনক সভাপতি পাতি দিয়ে, কিন্তু এই কাম মই কৰিছিলো। লুৰিণজ্যোতিহঁতে চুলিৰ দৰে সৰু সৰু খুটি-নাতি বিলাক উলিয়াই আছে, এইবিলাক উলিয়াই লাভ নাই। ভূপেন বৰাই অখিলে বিজেপিৰ দৰে গালি পাৰি থকা বুলি কৰা মন্তব্যতো অখিলৰ প্ৰতিক্ৰিয়া:মই গালি পৰা নাই, অখিলে ক’লে তোমালোকে কোৱা বিজেপিৰ বিৰুদ্ধে একেলগ হ’ব লাগে কিন্তু তোমালোকে উপ-নিৰ্বাচন অকলে খেলা, পঞ্চায়ত নিৰ্বাচন অকলে খেলা, লোকসভাতো আনৰ বাবে এখন আসনহে এৰি দিয়া। যদি লোকসভাৰ ১৩ টা সমষ্টিতে নিজে নিৰ্বাচন খেলা, তেন্তে তোমালোকে কেনেকৈ বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হ’ম ভাবিছা? কংগ্রেছে ক’ব লাগে ২০২৬ চনৰ নিৰ্বাচনত যদি বিজেপিক হৰুৱাব মন আছে তেন্তে পঞ্চায়ত নিৰ্বাচন একেলগে খেলিব লাগিব নে নাই? কংগ্রেছে, এম পি নিৰ্বাচনত অধিকাংশ হাৰিলে,উপ নিৰ্বাচন হাৰিলে তেন্তে পঞ্চায়ত একেলগে খেলিব লাগিব নে নাই? মই ভূপেন বৰাক দৃঢ়তাৰে কওঁ, বিজেপিক পৃথিৱীৰ ভিতৰত মোতকৈ বেছি বেয়া পোৱা মানুহ কোনো নাই। সেয়েহে এই মুহূর্তত আমি যদি ঐক্যবদ্ধ নহওঁ, আমি ২o২৬ত বিজেপিক হৰুৱাব নোৱাৰোঁ। এই কথাটো কোৱাতো যদি বিজেপিৰ পক্ষ লোৱা বুজায় ,তেতিয়া হ’লে উপায় নাই আৰু। মই ভূপেন বৰাৰ পৰা এটাই উত্তৰ বিচাৰিছো যে আপোনালোকে পঞ্চায়ত নিৰ্বাচন একেলগে খিলিব নে নেখেলে? যদি নেখেলে তেন্তে আপোনালোকে বিজেপিক সহায় কৰিব।