ডিব্ৰুগড়ত ১৭ নবেম্বৰত সুধাকণ্ঠৰ জন্মদিনৰ লগত সংগতি ৰাখি শ্ৰুতিশিল্পী সমাজে তিনি বিশিষ্ট ব্যক্তিক প্ৰদান কৰিব জীৱনজোৰা সাধনা বঁটা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ অগ্ৰণী সামাজিক- সাংস্কৃতিক অনুষ্ঠান ‘শ্রুতিশিল্পী সমাজে’ সামাজিক কাৰ্যসূচীৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি সংগীতসূর্য, সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যু বার্ষিকীৰ লগত সংগতি ৰাখি অহা ইং ১৭ নৱেম্বৰত ডিব্ৰুগড় হনুমান বক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ ‘লালচান্দ প্রেক্ষাগৃহ’ত সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে ৩ (তিনি) গৰাকী বিশিষ্ট ব্যক্তিক এক ৰাজহুৱা সম্বর্ধনাৰ লগতে বঁটা প্রদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই বঁটা আগবঢ়োৱা হ’ব- “মানৱতাৰ বঁটা” মানৱ দৰদী, সুহৃদ দেৱাশিস শর্মা , “মানৱ সেৱাৰ বঁটা” সমাজ সেৱাৰ প্ৰতি উৎসর্গিত জয়ৰামপুৰ, অৰুণাচল প্ৰদেশৰ সমাজ সেৱিকা কমলি মচাং আৰু “জীৱনযোৰা সাধনা বঁটা” শিক্ষা প্ৰসাৰৰ বাবে আগবঢ়োৱা নন্দনলাল বৰগোহাইক (মৰণোত্তৰভাৱে) প্ৰদান কৰা হ’ব। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশিষ্ট কবি তথা চিকিৎসক ডাঃ প্রণয় ফুকনৰ সম্পাদনাত এক তথ্যসমৃদ্ধ স্মৃতিগ্রন্থ ‘প্রতিধ্বনি উন্মোচন কৰা হ’ব বুলি ডিব্ৰুগড়ৰ শ্ৰুতি শিল্পী সমাজৰ হৈ সম্পাদক চন্দন পাঠকে জানিবলৈ দিয়ে।