ডিব্ৰুগড়ত ১০০ দিনীয়া যক্ষ্মাৰোগ নিৰ্মূল অভিযানৰ অংশ হিচাপে টেঙাখাত শিক্ষা খণ্ডত সজাগতামূলক প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন

ডিব্ৰুগড়ত ১০০ দিনীয়া যক্ষ্মাৰোগ নিৰ্মূল অভিযানৰ অংশ হিচাপে টেঙাখাত শিক্ষা খণ্ডত সজাগতামূলক প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন
এম্ হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  সমগ্ৰ ভাৰতবৰ্ষতে আৰম্ভ হোৱা ‘১০০ দিনীয়া যক্ষ্মা নিৰ্মূল অভিযানৰ’ অংশ হিচাপে ডিব্ৰুগড় জিলাতো বিভিন্ন শিক্ষা খণ্ডৰ অধীনৰ শিক্ষক সকলৰ মাজত “যক্ষ্মা ৰোগ সজাগতা” সম্পৰ্ক এলানি কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীৰে অংশ হিচাপে টেঙাখাত প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ প্ৰায় ৩০ গৰাকী শিক্ষকক আজি (১৬-১-২৫) যক্ষ্মা ৰোগৰ সজাগতামূলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই উদ্দেশ্যে টেঙাখাত খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীত টেঙাখাত প্ৰাথমিক চিকিৎসা খণ্ডৰ মহকুমা চিকিৎসা বিষয়া ডা: ৰশ্মি ঠাকুৰীয়াৰ লগতে উপস্থিত থাকে টেঙাখাত প্ৰাথমিক খণ্ড  শিক্ষা বিষয়া হীৰা দলে। দুয়োগৰাকী বিষয়াই প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰম্ভণিতে শিক্ষক সকলক উদ্দেশ্যি যক্ষ্মা নিৰ্মূল অভিযানৰ অংশীদাৰ হৈ জিলাখনক যক্ষ্মামুক্ত কৰাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। অনুষ্ঠানৰ আঁত ধৰে টেঙাখাত খণ্ডৰ বিচিএম উচ্চজিত ফুকনে। সহযোগিতা আগবঢ়ায় টেখাখাত খণ্ড চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসা পৰিদৰ্শক ভাস্কৰজ্যোতি খনিকৰে। আনহাতে,ডিব্ৰুগড় জিলা যক্ষ্মা নিৰ্মূল আচনিৰ হৈ এই প্ৰশিক্ষণ প্ৰদান কৰে জিলা পিএমডিটি সমন্বয়ক বিষ্ণু গোহাঁয়ে।