ডিব্ৰুগড়ত সাংস্কৃতিক মহাসভা সদৰ আঞ্চলিক সমিতিৰ সুধাকণ্ঠৰ ৯৯ সংখ্যক জন্মদিন
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা– যোৱা ৮ চেপ্টেম্বৰত ডিব্ৰুগড় চৰকাৰী পেন্সনাৰ ভৱনৰ সভাগৃহত , সাংস্কৃতিক মহাসভা অসম , ডিব্ৰুগড় সদৰ আঞ্চলিক সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় ।সমিতিৰ উপদেষ্টা মৃদুল শৰ্মা আৰু ভাৰপ্ৰাপ্ত সম্পাদক বৃকোদৰ দাসে আঁত ধৰা সভাখনিত সভাপতিত্ব কৰে সভাপতি দিলীপ কুমাৰ দাসে । সভাৰ আৰম্ভনিতে সুধাকণ্ঠ,ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ ও বন্তি প্ৰজ্বলন কৰাৰ লগতে গীত-মাত, কবিতা আবৃতিৰে ৯৯ সংখ্যক জন্মদিন পালন কৰা হয় ।তাৰ পাছতেই সাধাৰণ সভাখনি আৰম্ভ কৰা হয় ।পূৰ্বৰ সম্পাদকে ব্যক্তিগত কাৰণত পদত্যাগ কৰাত , সাধাৰণ সভাই সৰ্বসন্মতি ক্ৰমে চন্দন কলিতা আৰু দেৱীকা দেৱীক যুটীয়া সম্পাদক আৰু উপ সভাপতি হিচাবে ৰূদ্ৰ গগৈক দায়িত্ব অৰ্পণকৰি পূৰ্বৰ সমিতিখনকে বাহাল ৰাখে । সভাত নিয়ামুদ্দিন আহমদৰ ভজন , নয়ন জ্যেতি শৰ্মা, তৰুণ গগৈ, হেপ্পি দত্ত দিহীঙিয়া আৰু ৰূদ্ৰ গগৈ আদিৰ ভজন, ভূপেন্দ্ৰ সংগীত আৰু কবিতা আবৃতিৰে অনুষ্ঠানটি মনোগ্ৰাহী কৰি তোলে।