ডিব্ৰুগড়ত সম্প্ৰীতি সমন্বয়ৰ বাৰ্তালৈ অসম মিঞা (অসমীয়া)পৰিষদৰ সভাত সাহিত্যাচাৰ্য ড০ কৰবি ডেকা হাজৰিকা ক’লে:: আমি সৰুতে কোন অসমীয়া হিন্দু কোন মুছলিম একো বুজি পোৱা নাছিলো, বুজিছিলো হিন্দু কি মুচলমান একে আল্লাৰ ফৰমান
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা বিলাবিলাবলৈ সুদুৰ নামনি অসম ধুবুৰীৰ পৰা অসম মিঞা অসমীয়া (অসমীয়া )পৰিষদৰ সজাঁতি দল এটাৰ উদ্যোগত ২৬-২-২৫ ডিব্ৰুগড়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত এক সভা অনুষ্ঠিত হয়। সভাত ভাষণ দি বিশিষ্ট সাহিত্যিক, সাহিত্যাচাৰ্য , ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড০ কৰবী ডেকা হাজৰিকাই কয় যে ‘আমি সৰুতে নেজানিছিলো যে কোন অসমীয়া কোন হিন্দু,কোন মুছলিম আদি কথাবোৰ, আমি শিকিছিলো হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান এইবোৰ কথা। তেওঁ আৰু কয় যে আমি শংকৰ আজানৰ দেশৰ মানুহ। মানুহে পৰিচয় দিয়ে নিজৰ মাতৃ ভাষাত। অসমৰ মানুহৰ মাতৃ ভাষা অসমীয়া। মই মিঞা কথা-ভাষা কোৱা বন্ধুৰ কবিতা পঢ়িছোঁ লগতে মোৰ কবিতা মিঞা ভাষালৈ অনুবাদ কৰিছে। মিচিং, টাই আদি সকলো জনগোষ্ঠীৰ নিজস্ব ভাষা থকাৰ দৰে ন-অসমীয়া মুছলিম সকলৰো স্বকীয় পৰিচয় আছে, ভাষা আছে , আমি একেটা পৰিয়ালৰ। ৰাজনৈতিক শক্তিয়ে জাতি ভাষা সংস্কৃতি বিভাজন কৰে। আমি সকলোৱে শংকৰ আজান দেশৰ মানুহ। তেওঁ আৰু কয় যে যেতিয়া হজযাত্ৰী সকল যেতিয়া হজলৈ যায় তাত তেওঁলোকেড অসমীয়া গামোচাখন সকলোৱে ডিঙিত পিন্ধি লয় ইয়াতকৈ আৰু কি অসমীয়াৰ পৰিচয় দিব লাগে, উজনি অসমৰ মানুহে আপোনালোকৰ লগত সদায়ে থাকিব। সভাত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা, বিশিষ্ট সাহিত্যিক ড০ ভাৰতী দত্তই কয় যে চৰ-চাপৰি অঞ্চলৰ স্কুল বিলাকত অসমীয়া ভাষাৰ শিক্ষা দিয়া হয়, আমি যদি জাতি গঠনত মিঞা লোকসকলক আঁতৰাই ৰাখোঁ তেন্তে ভুল হব। বৰ্তমানে আমি ভাষাৰ সংকটত ভুগিছো আৰু অসমীয়া ভাষা কোৱাৰ সংখ্যা ৪৮ শতাংশ মানহে আছে। ন-অসমীয়া জাতিটো অত্যন্ত পৰিশ্ৰমী, তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে , তেওঁলোকক পঙ্গু জাতি বুলি ভাবিব নালাগে। এই সভাতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড০ পৰমানন্দ মহন্ত, মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ দিলীপ কুমাৰ ভূঞা, মটক যুৱ ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা উদয় শংকৰ মহন, চৈয়দ নূৰুজ জামান আদিয়ে ভাষণ প্ৰদান কৰাৰ লগতে অসম মিয়া (অসমীয়া) পৰিষদৰ সঁজাতি দলৰ প্ৰতিষ্ঠাপক সভাপতি এম্ জি হাজৰিকা, উপদেষ্টা ডা০ তনু কুমাৰ ধাদুমীয়া, আছাদু জামান, ৰফিকুল ইছলাম হাজৰিকা, ইফতাৰুল ইছলাম প্ৰামানিক, ডাঃ আশ্ৰফুল আলম, ৰফিকুল ইছলাম আদি উপস্থিত থাকে।আলেচনামর্মে আজিৰ অনুষ্ঠানত কেইটামান প্ৰস্তাৱ গৃহীত হয়। সেই অনুসৰি প্ৰস্তাৱ নং ১: অসমৰ স্বনামধন্য বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়াৰ সহধর্মিনী লাৱণ্য শইকীয়াৰ ২৩ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে ইহলীলা সম্বৰণ কৰি স্বৰ্গগামী হোৱাত আজিৰ মত বিনিময় অনুষ্ঠানত ১ (এক) মিনিট সময় মৌনতা অৱলম্বন কৰি তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰি আজিৰ অনুষ্ঠানে প্রস্তাব গৃহীত কৰে। প্ৰস্তাৱ নং ২: মত বিনিময় অনুষ্ঠানত অংশ গ্রহণ কৰিবলৈ প্ৰাক্তন অসম সাহিত্য সভাৰ সভাপতি কনকসেন ডেকাক গুৱাহাটীস্থিত বাসভবনত নিমন্ত্রণী পত্র দিবলৈ গৈ সাক্ষাৎ কৰি প্ৰসঙ্গৰ ওপৰত আলোচনামর্মে তেখেতে বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰেণ্য ব্যক্তিসকলক আৰু ৰাজনৈতিক নেতৃবৃন্দকো নিমন্ত্রণ জনাই অসম-মিঞা (অসমীয়া) পৰিষদৰ নেতৃত্বত ও বাহাটীত জাতীয় মহাসভা অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়ায়। তেখেতে আগবঢ়োৱা পৰামৰ্শক আদৰি লৈ পৰিষদৰ শিৱসাগৰ আৰু যোৰহাট জিলাত অনুষ্ঠিত হ’বলগা মত বিনিময় কাৰ্যসূচী ৰূপায়নৰ পিছতেই উল্লেখিত জাতীয় মহাসভা অনুষ্ঠিত কৰিবলৈ আজিৰ সভাই প্রস্তাব গৃহীত কৰে।প্ৰস্তাৱ নং ৩: দ্রাবিড়ীয় মূলৰ অনাৰ্য বংশৰ গ্ৰাগজ্যোতিষ-কামৰূপী জনজাতি মূলীয় প্ৰাক্ স্বাধীনতাৰ উত্তৰ পুৰুষৰ মিঞা শ্রমিকৰ লগতে মিঞা জনগোষ্ঠীটোক তুচ্ছ-তাচ্ছিল্য, অপমান আদিয়ে আৰু ৰাজনৈতিক ষড়যন্ত্ৰৰ লগতে উগ্ৰজাতীয়তাবাদী আচৰণে অসমীয়া জাতি আৰু ইয়াৰ ভাষা-সংস্কৃতি আদিক সংকটাপন্ন অবস্থালৈ ঠেলি দিয়া অনুধাবন হৈ আছে। অসমীয়া জাতিৰ এই সংকটাপন্ন অৱস্থাৰ পৰা পৰিত্ৰাণৰ লগতে ইয়াক অধিক শক্তিশালী কৰিবলৈ সমন্বয়-সম্প্রীতিৰে সকলো জাতি-জনগোষ্ঠীক আদৰি লোৱাৰ বাহিৰে গত্যন্তৰ নাই বুলি আজিৰ অনুষ্ঠানে প্রস্তাব গৃহীত কৰে। প্ৰস্তাৱ নং ৪: অসমীয়া জাতি গঠন প্রক্রিয়াত প্রাক্-স্বাধীনতাৰ উত্তৰ-পুৰুষ অসমৰ মিঞা জনগোষ্ঠীৰ ভূমিকা যথেষ্ট বুলি মত বিনিময় অনুষ্ঠানত বৰেণ্য ব্যক্তিসকলে উল্লেখ কৰে আৰু অসমীয়া ভাষা ৰাজ্যিক ভাষাকৰণৰ লগতে পূর্ণাঙ্গ অসম ৰাজ্য গঠনত তেওঁলোকৰ যথেষ্ট অবদান থকাৰ বাবে আৰু অন্যান্য দিশত মিঞাসকলৰ যি অৱদান আছে সেইফালৰ পৰা তেওঁলোক প্রকৃততে অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ বুলি প্রস্তাব গৃহীত কৰা হয়। আনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ সভাপতি এম্ আব্দুল বাতেনে অনুষ্ঠানটিৰ আঁত ধৰাৰ লগতে শলাগৰ শৰাই আগবঢ়াই সকলোকে ধন্যবাদ জ্ঞাপন কৰে।