ডিব্ৰুগড়ত সম্পন্ন অসম অলিম্পিক সন্থাৰ নিৰ্বাচন

ডিব্ৰুগড়ত সম্পন্ন অসম অলিম্পিক সন্থাৰ নিৰ্বাচন

ৰঙিলী বাৰ্ত্তাসেৱা-  দেওবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হৈ যায় অসম অলিম্পিক সন্থাৰ সাধাৰণ নিৰ্বাচন । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতিৰ পদত নিৰ্বাচিত হোৱাৰ বিপৰীতে পুনৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হয় লক্ষ্য কোঁৱৰ । মুঠ ৫ জনে প্ৰতিদ্বন্দিতা কৰা এই পদৰ প্ৰতিদ্বন্দিসকল আছিল ক্ৰমে অসম অলিম্পিক সন্থাৰ বৰ্তমানৰ সাধাৰণ সম্পাদক তথা বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰ, বিজেপি নেতা তথা ছাত্ৰ যুৱকল্যাণ পৰিষদৰ সচিব গীতাৰ্থ গোস্বামী, বিজেপি নেতা তথা অসম অলিম্পিক সন্থাৰ বৰ্তমানৰ কোষাধ্যক্ষ তপন কুমাৰ দাস, অসম সাঁতোৰ সন্থাৰ ভাস্কৰ ৰঞ্জন দাস আৰু অসম বক্সিং সন্থাৰ সম্পাদক তথা ভাৰতীয় বক্সিং সন্থাৰ সচিব হেমন্ত কলিতা।সেইদৰে উপসভাপতি পদত নিৰ্বাচিত হৈছে মুৰুলীধৰ চৌধুৰী, কবিৰঞ্জন ব্ৰহ্ম, ৰাজ ককাতী, বাণীব্ৰত দাস, প্ৰশান্ত প্ৰতিম কাঠকটিয়া, সুশান্ত বিশ্ব শৰ্মা, শিলাদিত্য দেৱ, ৰাজীৱ শৰ্মা, সুবুধ মল্ল বৰুৱা আৰু মৃগাংক দেও বৰ্মন। কোষাধ্যক্ষ পদত নিৰ্বাচিত হৈছে অশোক কুমাৰ ভৰালী। যুটীয়া সম্পাদকৰ পদত বিজয়ী হৈছে ৰাতুল শৰ্মা, নিৰঞ্জন শইকীয়া, হীৰেন গগৈ, উজ্জল বৰুৱা, তপন দাস আৰু শান্তনু কলিতা। সহকাৰী সম্পাদকৰ পদত নিৰ্বাচিত হৈছে আফতাব হুছেইন, অংশুমান দত্ত, অৰূপ কুমাৰ ঠাকুৰীয়া, বেনাজীৰ ৰছিদ, হিমাংশু শ্বেখৰ বৈশ্য, ৰাজেশ বৰা, ৰবীন শইকীয়া আৰু জাহিৰুল হক। কাৰ্যকৰী সদস্য পদত বিজয়ী হৈছে ক্ৰমে শান্তনু পূজাৰী, জীতেন বৰঠাকুৰ, জিতু বৰদলৈ, এল হেমন্ত সিং, ৰঞ্জিত বড়ো, হিমাঞ্জন শৰ্মা, তুহিন হাজৰিকা, শৰত হাজৰিকা, প্ৰণিল দৈমাৰী, দুষ্মন্ত বৰা, বিৰ্জু ৰাম, পংকজ ৰাম বড়ো, কৰুণা শইকীয়া, গীতাৰ্থ দাস আৰু আদৰ্শ চৌধুৰী। আনহাতে, জ্যেষ্ঠ উপ-সভাপতি পদৰ বাবে অনুষ্ঠিত নহ’ল নিৰ্বাচন । পৰৱৰ্তী কাৰ্যনিবাহক সভাত সৰ্বসন্মতিক্ৰমে জ্যেষ্ঠ উপ-সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।